ফেচবুকৰ বাবে ওভতাই পালে ৫৭ বছৰ পুৰণি ভিডিঅ’
🔹 মধুৰ সময়ৰ স্মৃতি সজীৱ হ’ল অষ্ট্রেলিয়ান দম্পতীৰ
নিউজ ডেস্ক, ১৫ অক্টোবৰ : মাজত ৫৭টা বছৰ পাৰ হৈ গৈছে৷ ভাগ্যৰ পৰিহাসত জীৱনৰ অতি আনন্দৰ মুহূর্তৰ ছবিবোৰ হেৰুৱাই পেলাইছিল এক দম্পতীয়ে৷ সেয়া ওভতাই দিলে ফেচবুকে! ১৯৬৭ চন৷ এক অষ্ট্রেলিয় দম্পতী আইলিন টার্নবুল আৰু বিলে দীর্ঘদিনীয়া প্রণয়ৰ সম্পর্কৰ পাছত বিবাহপাশত আবদ্ধ হয়৷ কিছুদিন পিছত বিয়াৰ ছবি আৰু ভিডিঅ’বোৰ চোৱাৰ বাবে তেওঁলোকে এটা প্রজেক্টৰ ভাৰা কৰে৷ সেয়াই কাল হৈ পৰে৷ দুর্ভাগ্যবশত: সেই ৰিল ফচি যায় মেচিনত৷ ইয়াৰ পিছত তেওঁলোকে সেয়া ওভতাই পোৱা নাছিল৷ ছবিবোৰ ওভতাই পোৱাৰ আশা বাদ দিছিল টার্নবুল দম্পতীয়ে৷ পাহৰিয়েই গৈছিল পুৰণি সেই দিনৰ কথা৷ শেহতীয়াকৈ টার্নবুলৰ ফেচবুক ফিডত আহে এক দম্পতীৰ পুৰণি ভিডিঅ’৷ এই ভিডিঅ’ চিনিব নোৱাৰি এৰাই চলিছিল টার্নবুলে৷ কিন্তু ভালদৰে চোৱাৰ পিছত তেওঁলোকে নিশ্চিত কৰে যে সেয়া তেওঁলোকৰেই বিবাহৰ পাছৰ মধুৰ ক্ষণৰ ছবি আৰু ভিডিঅ’৷ উল্লেখনীয় যে চৈনি নামৰ এগৰাকী ব্যক্তিয়ে ছ’চিয়েল মিডিয়া ছাইটত এই ভিডিঅ’ আৰু ছবিবোৰ পোষ্ট কৰিছে৷ ৫৭ বছৰ পূর্বে চৈনিৰ খুড়াকৰ পৰা প্রজেক্টৰ ভাৰা কৰিছিল টার্নবুল দম্পতীয়ে৷ প্রজেক্টৰত আবদ্ধ হৈ থকা ৰিল সংৰক্ষণ কৰিছিল চৈনিয়ে৷ এনেদৰে টার্নবুল দম্পতীয়ে তেওঁলোকৰ পুৰণি মধুৰ ক্ষণৰ ভিডিঅ’ আৰু ছবিবোৰ লাভ কৰিবলৈ সক্ষম হয়৷ এক আন্তর্জাতিক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত টার্নবুলে এই কথা উল্লেখ কৰিছে৷