নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আতংকৰ বাবে কৰ্ণাটকত ৭ দিন বিদ্যালয় বন্ধ ঘোষণা

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনাৰ সংক্ৰমণৰ বাবে কৰ্ণাটক চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

 কৰ্ণাটকৰ মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ে ৰাজ্যখনৰ সমূহ অংগণবাদী কেন্দ্ৰ অহা ৭ দিনলৈ বন্ধৰ ঘোষণা কৰিছে ।

উল্লেখ্য যে ভাৰতত এতিয়ালৈকে ৪৩ জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । যাৰ বেছিসংখ্যকেই বিদেশী পৰ্যটক অথবা বিদেশ ভ্ৰমণ কৰি স্বভূমিলৈ উভতি অহা লোক বুলি জানিব পৰা গৈছে ।

You might also like