সম্পাদকীয় : ভাষা গৌৰৱ সপ্তাহৰ গুৰুত্ব
বিশ্বৰ বহুসংখ্যক মাতৃভাষা মৃত্যুমুখত পৰাৰ সময়তে ভাৰতবর্ষৰ অন্যতম ধ্রুপদী ভাষাৰূপে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰাটো প্রতিজন অসমীয়াৰ বাবে গৌৰৱৰ কথা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ১৩ অক্টোবৰত অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ স্বীকৃতি প্রদানৰ পিছত ৩ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ভাষা গৌৰৱ সপ্তাহ৷ চতুর্থ শতিকাৰ পৰা ধাৰাবাহিক বিৱর্তন আৰু যুগমীয়া সৃষ্টিৰাজিৰ বাবেই অসমীয়া ভাষাই এনে প্রাপ্ত মর্যাদা অর্জন কৰিবলৈ সক্ষম হৈছে৷ অসমীয়া ভাষাই এনে মর্যাদা লাভৰ অন্তৰালত আছে আমাৰ ভাষা–সাহিত্যৰ প্রতি নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়োৱা আমাৰ মনীষী তথা পুৰোধা পণ্ডিতসকলৰ সৃষ্টিশীল ৰচনা সম্ভাৰ৷ মাধৱ কন্দলিৰ ৰামায়ণৰ পৰা আৰম্ভ কৰি হেম সৰস্বতীৰ প্রহ্লাদ চৰিত্র, ৰুদ্র কন্দলি, কবিৰত্ন সৰস্বতীৰ ৰচনা সম্ভাৰ, সুকুমাৰ বৰকাথৰ হস্তিবিদ্যার্ণ্ণৱ, হৰিচন্দ্র উপাখ্যান, নামঘোষা, ঝুমুৰা, ভটিমা, গুণমালা, ধর্মপুস্তক, মন্ত্র সাহিত্য আদিৰে বিৱর্তনমুখী অসমীয়া ভাষাৰ বিশেষ প্রাচীনত্ব আছে৷ অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ লগে লগে আমাৰ ভাষাটোৰ প্রাচীনত্ব নিৰূপণক লৈ বিশেষ চর্চা আৰম্ভ হৈছে৷ তাহানি জ্যোতিপ্রসাদ আগৰৱালাই ‘অসমীয়া ডেকাৰ উক্তি’ত উল্লেখ কৰিছিল– ‘কামৰূপা মোৰ সুৱদিসুৰীয়া/অসমীয়া ভাষা জগতসভালৈ যাব/উজ্জ্বল সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ’ব৷’ ৰূপকোঁৱৰ জ্যোতিপ্রসাদৰ সপোন আজি দিঠকত পৰিণত হ’ল৷ অসমীয়া ভাষাৰ এনে গৌৰৱময় মুহূর্তক আৰু অধিক জনমুখী কৰিবলৈ ৰাজ্য চৰকাৰখনে ৩ নৱেম্বৰৰ পৰা আৰম্ভ কৰা ভাষা গৌৰৱ সপ্তাহে বিশেষ গুৰুত্ব বহন কৰিছে৷ অসমীয়া ভাষাই এনে মর্যাদাপূর্ণ স্বীকৃতি সহজে লাভ কৰা নাই৷ দেশে স্বাধীনতা লাভ কৰাৰ পূর্বৰে পৰা দশক দশক ধৰি অসমীয়া ভাষাৰ বিৰুদ্ধে ধাৰাবাহিক ষড়যন্ত্র অব্যাহত আছিল৷ সমগ্র উত্তৰ–পূর্বাঞ্চলৰ একমাত্র সংযোগী ভাষাত পৰিণত হোৱা অসমীয়া ভাষাক অসমৰ পৰাই উৎখাত কৰাৰ বাবে বিশেষ প্রভাৱশালী চক্রই অহৰহ চক্রান্ত চলাই আছিল৷ এনে ষড়যন্ত্র দেশে স্বাধীনতা লাভ কৰাৰ পিছতো অব্যাহত আছে৷ অসমত অসমীয়া ভাষাৰ প্রচলন কৰাৰ বাবে অসমীয়া লোকসকলে আন্দোলন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাই নহয় এনে আন্দোলনত কেইবাজনো শ্বহীদ হোৱাৰ লগতে অসংখ্য লোক ঘুণীয়া হৈছিল৷ অৱশেষত আমাৰ ভাষা–সাহিত্যৰ মহান মনীষী, পুৰোধা পণ্ডিত, ভাষাবিদ, সাহিত্যিক–সাংবাদিক আৰু ভাষাপ্রেমী লোকৰ উমৈহতীয়া প্রচেষ্টাত অসমীয়া ভাষাই ৰাষ্ট্রীয় পর্যায়ত যোগ্য স্বীকৃতি লাভ কৰিলে৷ এইক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে গ্রহণ কৰা বলিষ্ঠ ভূমিকাও অসমবাসীয়ে শলাগিছে৷
ৰাজ্য চৰকাৰে ৩ অক্টোবৰৰ পৰা আৰম্ভ কৰা ভাষা গৌৰৱ সপ্তাহৰ কার্যসূচী ৯ নৱেম্বৰলৈ চলিব৷ এই ভাষা গৌৰৱ সপ্তাহৰ কার্যসূচীৰ বিশেষত্ব এয়ে যে এই সময়ছোৱাত অসমীয়া ভাষাৰ লগতে ৰাজ্যখনৰ ১৪টা মাতৃভাষাত বিভিন্ন শৈক্ষিক প্রতিযোগিতা আয়োজন কৰা হৈছে৷ ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত এই উপলক্ষে বিভিন্ন কার্যসূচী গ্রহণ কৰা হৈছে৷ মূলতঃ অসমীয়া ভাষাৰ জতুৱা ঠাচ, শব্দৰ প্রয়োগ, বাক্য ৰচনা আদি বিষয়ত ছাত্র–ছাত্রীৰ মাজত প্রতিযোগিতা অনুষ্ঠিত হৈছে৷ জিলাই জিলাই মন্ত্রীসকলৰ উপস্থিতিত অনুষ্ঠিত ভাষা গৌৰৱ দিৱসৰ উদ্বোধনী অনুষ্ঠানত আমাৰ ভাষা–সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক সম্বর্ধনা জ্ঞাপন কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ এনে পদক্ষেপ আমাৰ ভাষা–সাহিত্যৰ পূজাৰীসকলক উৎসাহিত কৰাই নহয় নৱপ্রজন্মকো উদ্বুদ্ধ কৰিব৷ অসম সাহিত্য সভাৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানেও এই সময়ছোৱাত অসমীয়া ভাষাকে ধৰি অন্যান্য মাতৃভাষাৰ প্রসাৰ আৰু প্রচাৰৰ বাবে বিভিন্ন কার্যসূচী গ্রহণ কৰিছে৷ আমাৰ ভাষাটোৰ ওপৰত যিমানেই চর্চা চলিব সিমানেই ভাষাটো সমৃদ্ধিশালী হ’ব৷ ভাষাৰ প্রতি অসমীয়া লোকৰ আৱেগ আৰু দায়বদ্ধতা পূর্বতেও আছিল আৰু বর্তমানেও আছে৷ অসম সাহিত্য সভাৰ দৰে জাতীয় সংগঠনৰ স’তে অসমবাসীৰ আৱেগভৰা সম্পর্কৰ অন্তৰালতো আছে ভাষাপ্রেম৷ অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পিছত আমি আনন্দত আত্মহাৰা হ’লেই নহ’ব৷ এতিয়া আমাৰ দায়িত্ব আৰু অধিক বৃদ্ধি হ’ল৷ অসমীয়া ভাষাই অর্জন কৰা গৌৰৱোজ্জ্বল ইতিহাসৰ অন্তৰালত থকা নৃতত্ত্ব, সাংস্কৃতিক আৰু ঐতিহাসিক ভেটি নিৰূপণৰ ওপৰত গভীৰ অধ্যয়ন আৰু গৱেষণাৰ প্রয়োজন আছে৷ ধ্রুপদী ভাষাৰ স্বীকৃতিৰ পিছত অসমীয়া লোকসকলে এতিয়া চৰকাৰীভাৱে বহু সুবিধা লাভ কৰিব৷ ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্রান্তত থকা উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহত অসমীয়া ভাষাই বিশেষ মর্যাদা লাভ কৰিব৷ দেশ–বিদেশৰ গৱেষকসকলৰ আমাৰ ভাষাৰ প্রতি আগ্রহ বাঢ়িব৷ ইয়াৰ লগে লগে উচ্চমানৰ সাহিত্য সৃষ্টি আৰু গৱেষণাও আৰম্ভ হ’ব লাগিব৷ আটাইতকৈ গুৰুত্বপূর্ণ এয়ে যে লেখক আৰু পঢ়ুৱৈৰ সংখ্যা আৰু অধিক বৃদ্ধি হ’ব লাগিব৷ পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি অবিহনে ধ্রুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক কেতিয়াও সমৃদ্ধিশালী কৰিব নোৱাৰে৷ ২০১৪ আৰু ২০১৫ চনত দেশজুৰি চলোৱা এটি সমীক্ষাত এক উদ্বেগজনক তথ্য প্রকাশ হৈছে৷ সমীক্ষা অনুসৰি দেশৰ দুকুৰিৰো অধিক মাতৃভাষাৰ ভৱিষ্যৎ বিপদাপন্ন হৈছে৷ ইয়াৰ ভিতৰত চাকমা, হাজং, গাৰো, কোচ, খাচী, কুৰুখ, বিষ্ণুপ্রিয়া, মণিপুৰী মেইটী আদি অন্যতম৷ এটা ভাষা কিমান চহকী সেয়া নিৰূপণ কৰে ভাষাটোৰ ঐতিহাসিক বিৱর্তন, সৃষ্টিশীল ৰচনা সম্ভাৰৰ মান আৰু ভাষাটোৰ ব্যৱহাৰকাৰীৰ লোকৰ সংখ্যাৰ ওপৰত৷ বিশ্বৰ বহু ভাষাৰ তুলনাত অসমীয়া ভাষা চহকী আৰু উন্নত৷ ১২৫ বছৰ পূর্বে অসমীয়া অভিধান প্রণয়নৰ সময়ত অসমীয়া ভাষাৰ শব্দ অন্তর্ভুক্ত হৈছে প্রায় ২৪ হাজাৰ৷ হেমকোষ অভিধানৰ শেহতীয়া সংস্কৰণত অন্তর্ভুক্ত হোৱা শব্দৰ সংখ্যা ১ লাখ ২৫ হাজাৰৰো অধিক হৈছে৷ ঐতিহাসিকভাৱে প্রতিষ্ঠিত অসমীয়া ভাষাৰ কিদৰে বিৱর্তন আৰু জনমুখী হৈছে সেয়া ইতিমধ্যে প্রমাণ হৈছে৷ এনে সময়তে অসমীয়া ভাষাই লাভ কৰা ধ্রুপদী মর্যাদা অসমবাসীৰ বাবে স্মৰণীয় হৈ ৰ’ব৷