স্বামীৰ প্রথম পত্নীক ৫০বাৰ ছুৰীৰে আঘাত তৰুণীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ নৱেম্বৰঃ স্বামীৰ প্রথম পত্নীক ছুৰীৰে আঘাত কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা হ’ল তৰুণীক৷ দুর্বাদল কাজিয়াৰ মাজতে সতিনীয়েকক ৫০বাৰ ছুৰীৰে আঘাত কৰে এই তৰুণীজনীয়ে৷ ইয়াৰ লগতে মুখত ভৰিৰেও লথিয়ায়৷ এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত মহিলাক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ ইফালে, আক্রান্ত মহিলাগৰাকীক হাস্পতালত ভর্তি কৰোৱা হৈছে৷ ঘটনাটো মধ্যপ্রদেশৰ ৰেৱা জিলাৰ৷ ৰেৱাৰ বাসিন্দা ৰাম বাবু বার্মাই ২০১৯ চনত জয়া নামৰ এজনী যুৱতীক বিয়া কৰাইছিল৷ পিছত ২০২১ চনত বার্মাই পুনৰ বিয়া কৰায়৷ দ্বিতীয় পত্নীৰ নাম মানসী৷ দ্বিতীয় বিবাহৰ পিছৰে পৰা দুই সতিনীয়েকৰ মাজত কাজিয়া চলি আহিছে৷ যোৱা ৩১ অক্টোবৰত দীপাৱলীৰ দিনা দুই সতিনীয়েকৰ দুর্বাদল কাজিয়া চলে৷ ইয়াৰ মাজতে জয়াক আহি মাটিত বগৰাই লৈ ছুৰীৰে বাৰে বাৰে আঘাত কৰে মানসীয়ে৷ ঘটনা সন্দর্ভত তদন্ত চলাই আছে আৰক্ষীয়ে৷