নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডৰ গুৰুত্বপূর্ণ নিয়ম ভংগ : বিপদত গম্ভীৰ !

🔹 টীম ইণ্ডিয়াৰ প্রশিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

নিউজ ডেস্ক, ৫ নৱেম্বৰ : ৰাহুল দ্রাবিড়ৰ পিছত ভাৰতীয় দলৰ প্রশিক্ষকৰ দায়িত্ব লোৱা প্রাক্তন তাৰকা গৌতম গম্ভীৰৰ কার্যকালত দলে উন্নত প্রদর্শন দাঙি ধৰিব বুলি আশা কৰিছিল অনুৰাগীয়ে৷ কিন্তু অনুৰাগীৰ এই আশা গম্ভীৰৰ কার্যকালৰ প্রাৰম্ভিক অৱস্থাতে ভংগ হোৱাৰহে উপক্রম হৈছে৷ প্রথমে দুর্বল শ্রীলংকাৰ বিপক্ষে এদিনীয়া শৃংখলাত পৰাজয় আৰু এতিয়া নিউজিলেণ্ডৰ বিপক্ষে গৃহভূমিতে টেষ্ট শৃংখলাত হোৱাইট ৱাছ হ’বলগীয়া হৈছে ভাৰতীয় দলে৷ ইয়াৰ পিছতে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ দক্ষতাৰ ওপৰত প্রশ্ণ উঠিছে৷ এনে প্রশ্ণ তথা সমালোচনাৰ সমান্তৰালকৈ এইবাৰ প্রশিক্ষক গম্ভীৰৰ বিপক্ষে আন এটা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি, মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ বাবে ভংগ হৈছে বিচিচিআইৰ গুৰুত্বপূর্ণ নিয়ম৷ শেহতীয়াকৈ বিচিচিআইৰ নির্বাচক সমিতিয়ে আগন্তুক ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দল বাছনি কৰিছে৷ নির্বাচক সমিতিৰ বৈঠকত বিচিচিআইৰ এটা গুৰুত্বপূর্ণ নিয়ম ভংগ কৰা হৈছে৷ বিচিচিআইৰ নিয়মাৱলী অনুসৰি, মুখ্য প্রশিক্ষকজন বাছনি সমিতিৰ অংশ হ’ব নোৱাৰে যদিও ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ বাবে দল নির্বাচনৰ সময়ত সমিতিৰ বৈঠকত অংশ লৈছিল গম্ভীৰে৷ তেওঁৰ পৰামর্শ মতেই হর্ষিত ৰাণাক টেষ্ট দলত নির্বাচিত কৰা হৈছিল বুলি জানিব পৰা গৈছে৷ প্রথম শ্রেণীৰ ক্রিকেটৰ বিশেষ অভিজ্ঞতা নথকা হর্ষিত ৰাণাক এই গুৰুত্বপূর্ণ শৃংখলাৰ বাবে বাছনি কৰাক লৈও আন এক বিতর্কৰ সূত্রপাত হৈছে৷ কেৱল ইমানেহ নহয়, নিউজিলেণ্ডৰ বিপক্ষে শৃংখলাৰ অন্তিমখন টেষ্ট অনুষ্ঠিত হোৱা মুম্বাই টেষ্টৰ সময়তো গৌতম গম্ভীৰে গ্রহণ কৰা এক সিদ্ধান্তত বিচিচিআই সন্তুষ্ট নহয় বুলি খবৰ প্রকাশ পাইছে৷ ৱাংখেড়েত অনুষ্ঠিত টেষ্টখনৰ বাবে গৌতম গম্ভীৰেই স্পিন সহায়ক পিটছ বনোৱাৰ সিদ্ধান্ত লৈছিল৷ সূত্র অনুসৰি, বিচিচিআইৰ বিষয়াসকল গম্ভীৰৰ এই কথাত একমত হোৱা নাছিল৷ তদুপৰি, বেটিং অর্ডাৰ সন্দর্ভতো গৌতম গম্ভীৰৰ সিদ্ধান্ত বিচিচিআইৰ বিষয়াসকলে সমর্থন কৰা নাছিল বুলি খবৰ প্রকাশিত হৈছে৷ এতিয়া যদি অষ্ট্রেলিয়াৰ বিপক্ষে আগন্তুক ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীতো ভাৰতীয় দল পৰাজয়ৰ সন্মুখীন হয় আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশ কৰিব নোৱাৰে, তেতিয়া দলৰ জ্যেষ্ঠ খেলুৱৈসকলৰ লগতে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ বিপদত পৰিব পাৰে বুলি চর্চা আৰম্ভ হৈছে৷

You might also like