🔹 ভুৱা হিতাধিকাৰী সৃষ্টিৰে পিএম কিষাণ নিধিৰ ধন আত্মসাৎ
বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : ৰাজ্যখনত প্রধানমন্ত্রী কৃষক সন্মান নিধিত হোৱা কেলেংকাৰি সন্দর্ভত ৯৮গৰাকী কৃষি সম্প্রসাৰণ বিষয়াৰ বিৰুদ্ধে বর্তমান চলি আছে বিভাগীয় তদন্ত৷ উল্লেখ্য যে ২০১৯ চনত কেন্দ্রীয় চৰকাৰে আৰম্ভ কৰা প্রধানমন্ত্রী কৃষক সন্মান নিধিত বিভিন্ন ৰাজ্যত ভুৱা কৃষকৰ অন্তর্ভুক্তিৰে বৃহৎ কেলেংকাৰি সংঘটিত হয়৷ অসমতো ভুৱা কৃষকৰ নামত ৫৬৭.৪১ কোটি টকাৰ কেলেংকাৰি সংঘটিত হয়৷ ৮,৪৪,৬৭২গৰাকী ভুৱা কৃষকলৈ মাহে দুহাজাৰ টকাকৈ কৃষক সন্মান নিধিৰ ধন দিয়া হয়৷ পৰৱর্তী পর্যায়ত ভুৱা কৃষকে প্রধানমন্ত্রীৰ কৃষক সন্মান নিধিৰ ধন লাভ কৰাৰ তথ্য পোহৰলৈ আহে৷ আনকি এই বিষয়টো ন্যায়ালয়ৰ মজিয়া পর্যন্ত পায়৷ আমগুৰি নৱনির্মাণ সমিতিয়ে এই কেলেংকাৰি সম্পর্কত এক উচ্চ পর্যায়ৰ তদন্ত বিচাৰি ২০২০ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন পিআইএল (নং ৭৩/২০২০) দাখিল কৰে৷ উচ্চ ন্যায়ালয়ে শুনানিৰ অন্তত ২০২২ চনৰ ২৫ নৱেম্বৰত চৰকাৰক এই কেলেংকাৰিত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ কৃষি বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সেই নির্দেশ অনুসৰি বিভাগে ইতিমধ্যে ৯৮গৰাকী কৃষি সম্প্রসাৰণ বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিছে৷ তদন্তৰ আওতাত পৰা উক্ত কৃষি সম্প্রসাৰণ বিষয়াসকলৰ ভিতৰত বৰপেটা জিলাৰ ৩৩, নগাঁও জিলাৰ ১৭, পশ্চিম কার্বি আংলং জিলাৰ ৪, কার্বি আংলং জিলাৰ ৫, ধুবুৰী জিলাৰ ৭, দৰং জিলাৰ ৭, নলবাৰী জিলাৰ ৫, কৰিমগঞ্জ জিলাৰ ১, বাক্সা জিলাৰ ৫, কামৰূপ জিলাৰ ১, শোণিতপুৰ জিলাৰ ১, কোকৰাঝাৰ জিলাৰ ৪, গোৱালপাৰা জিলাৰ ৬ আৰু লখিমপুৰ জিলাৰ ২গৰাকী বিষয়া আছে৷ অভিযোগ অনুসৰি, উক্ত কৃষি সম্প্রসাৰণ বিষয়াসকলে এটা দুষ্ট চক্রৰ সহযোগত ভুৱা কৃষকৰ নামত প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ ধন আত্মসাতৰ বাট মুকলি কৰিছিল৷ অৱশ্যে বিভাগীয় তদন্ত শেষ হোৱাৰ পাছতহে স্পষ্ট হৈ পৰিব এই কেলেংকাৰিৰ বাবে কিমানজন অভিযুক্ত বিষয়া শাস্তিৰ সন্মুখীন হয়৷