নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ লোকসভাৰ শীতকালীন অধিৱেশন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ নৱেম্বৰঃ ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ১৮সংখ্যক লোকসভাৰ শীতকালীন অধিৱেশন আৰু ই ২০ ডিচেম্বৰলৈ চলিব। সংবিধান দিৱস উপলক্ষে ২৬ নৱেম্বৰত যৌথ অধিৱেশন অনুষ্ঠিত হ’ব। এই অধিৱেশন পুৰণি সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সংবিধান দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইট কৰি কয় যে সংসদৰ শীতকালীন অধিৱেশন ২৫ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে চলিব। ভাৰত চৰকাৰৰ পৰামৰ্শ মতে, ২০২৪ চনৰ ২৫ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ (সংসদীয় ব্যৱসায়ৰ প্ৰয়োজনীয়তা সাপেক্ষে) ২০২৪ চনৰ শীতকালীন অধিবেশনৰ বাবে সংসদৰ দুয়োটা সদন আহ্বান কৰাৰ প্ৰস্তাৱত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছে। ২৬ নৱেম্বৰত সংবিধান গ্ৰহণৰ ৭৫ বছৰীয়া জয়ন্তীত (সংবিধান দিৱস) সংবিধান সভাৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এই অনুষ্ঠান উদযাপন কৰা হ’ব।

You might also like