নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেল চলি থকাৰ সময়তে পৰিল বজ্রপাত : থিতাতে মৃত্যু খেলুৱৈৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ খেল চলি থকাৰ সময়তে আঘাত বা শাৰীৰিক অসুস্থতাৰ বাবে খেলপথাৰত খেলুৱৈৰ মৃত্যু নতুন ঘটনা নহয়৷ এনে বহু ঘটনা সময়ে সময়ে ক্রীড়া বিশ্বত সংঘটিত হৈছে৷ কিন্তু পেৰুত যি মর্মান্তিক ঘটনা সংঘটিত হৈছে সেয়া কোনেও ভাবিব নোৱাৰা, অপ্রত্যাশিত৷ এখন ফুটবল মেচ চলি থকাৰ সময়তে প্রাকৃতিক দুর্যোগৰ ফলত খেলপথাৰতে প্রাণ হেৰুৱাহছে এগৰাকী খেলুৱৈয়ে৷ এই ঘটনাৰ ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ পেৰুৰ দুই ক্লাব য়ুৱেণ্টুড বেলাভিষ্টা আৰু ফেমিলিয়া কোকাৰ মাজত চলি আছিল এহ ফুটবল মেচ৷ খেল চলি থকাৰ সময়তে আৰম্ভ হৈছিল প্রচণ্ড বৰষুণ৷ বৰষুণৰ প্রকোপ ক্রমে বৃদ্ধি পোৱাৰ বাবে ৰেফাৰীয়ে খেল বন্ধ কৰি খেলুৱৈসকলক খেলপথাৰৰ পৰা ওলাই আহিবলৈ পৰামর্শ দিয়ে৷ ৰেফাৰীৰ পৰামর্শ অনুসৰিয়েই দুয়ো দলৰ খেলুৱৈসকল খেলপথাৰৰ পৰা ওলাই আহিবলৈ লয়৷ কিন্তু তেনে সময়তে সংঘটিত হোৱা ভয়ংকৰ ঘটনাই সকলোকে হতভম্ব কৰি তোলে৷ খেলুৱৈসকলে খেলপথাৰৰ পৰা ওলাই অহাৰ সময়তে হঠাতে বজ্রপাত পৰে খেলপথাৰত৷ এই ঘটনাৰ ভাইৰেল ভিডিঅ’টোত বজ্রপাত পৰাৰ পিছতে খেলপথাৰত কেইবাগৰাকীও খেলুৱৈ বাগৰি পৰা দেখিবলৈ পোৱা গৈছে৷ এগৰাকী খেলুৱৈৰ দেহত পোনে পোনে বজ্রপাত পৰে আৰু ইয়াৰ ফলত তেওঁৰ লগে লগে মৃত্যু ঘটে৷ নিহত খেলুৱৈগৰাকীক জোচে হুগো দে লা ক্রুজ মেছা বুলি চিনাক্ত কৰা হৈছে৷ ৩৯ বছৰীয়া খেলুৱৈগৰাকীৰ লগতে এই অনাকাংক্ষিত ঘটনাত আন বহুকেইগৰাকী খেলুৱৈ আঘাতপ্রাপ্ত হয়৷ লগে লগে এইহ খেলুৱৈসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়৷ এই প্রাকৃতিক দুর্যোগৰ ফলত মেছাই প্রাণ হেৰুওৱাৰ লগতে বিপদত পৰিছে আন এজন খেলুৱৈৰ জীৱন৷ প্রকাশিত খবৰ অনুসৰি এহ দুর্ঘটনাত গ’লৰক্ষক জুৱান চোকাও গুৰুতৰভাৱে আহত হৈছে৷ সম্প্রতি চিকিৎসালয়ৰ আহচিইডত ভর্তি হৈ আছে জুৱান চোকা৷ এই প্রাণনাশী দুর্ঘটনাৰ পিছত এই মেচখন বাতিল কৰা হয়৷

You might also like