ৰঙাপৰা কলেজত ভাষা গৌৰৱৰ সপ্তাহ পালন
📌 যুৱপ্ৰজন্মই গ্ৰন্থ অধ্যয়নক নিচা হিচাপে বাছি লওক : জিলা আয়ুক্ত অংকুৰ ভৰালী
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : শোণিতপুৰৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত আজি মহাবিদ্যালয়ৰ অসমীয়া আৰু বাংলা বিভাগৰ যৌথ উদ্যোগত লগতে আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ভাষা গৌৰৱ সপ্তাহ কাৰ্যসূচীৰ মূল সভা, বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ মাৰ্কাছ বাডিং প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট গৱেষক ড০ ৰঞ্জন কলিতাই। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ অশ্বিনী কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ভাষণ প্ৰসংগত ধ্ৰুপদী অসমীয়া ভাষাৰ মাধুৰ্যতা বিষয়ত মন্তব্য আগবঢ়াই নৱ প্ৰজন্মত গ্ৰন্থ অধ্যয়ন, সাহিত্য কৰ্ম, সৃষ্টিশীল কৰ্মক নিচা হিচাপে বাছি ল’বলৈ আহ্বান জনায়। একেদৰে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাহিত্য অকাদেমীৰ অনুবাদ পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক বালিপৰাৰ ছত্ৰমান চুব্বাই সাহিত্যক এক সমন্বয় হিচাপে উল্লেখ কৰি সাহিত্যক্ষেত্ৰত অনুবাদৰ প্ৰাসংগিকতা, গুৰুত্ব, যুৱপ্ৰজন্মৰ মাজত সাহিত্য চৰ্চা ইত্যাদি বিভিন্ন প্ৰসংগ উল্লেখ কৰি ভাষণ আগবঢ়ায়। সমান্তৰালভাৱে অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা সাংবাদিক পংকজ বৰুৱাই অসমীয়া ভাষাৰ চৰ্চা, বিকাশত সকলোৱে মাৰবান্ধি কৰ্ম কৰি গ’লেহে প্ৰকৃতাৰ্থত অসমীয়াৰ মৰ্যদা সাৰ্থক হ’ব বুলি মত পোষণ কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত বক্তৃতা প্ৰতিযোগিতা, শ্লোগান প্ৰতিযোগিতা, কুইজ ইত্যাদি বিভিন্ন প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক বঁটা বিতৰণো কৰা হয়। মূল সভাত মহাবিদ্যালয়ৰ উপাধ্যক্ষ অতুল শৰ্মা, চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডাঃ ক্ষিৰোদ কমল হাজৰিকা, বাংলা বিভাগৰ অধ্যাপক ৰাকেশ চন্দ্ৰ সৰকাৰ, বড়ো বিভাগৰ মুৰব্বী প্ৰশান্ত বড়ো, সমন্বয় সাহিত্য গোষ্ঠী অসমৰ মুখ্য সম্পাদক তথা ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰাক্তন আলোচনী সম্পাদক প্ৰাঞ্জলপ্ৰতিম বৰা, মহাবিদ্যালয়ৰ সকলো বিভাগৰ অধ্যাপক-অধ্যাপিকা, দল-সংগঠনৰ প্ৰতিনিধি, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল বৰা