বৰখলাত বৃন্দাবনৰ মঞ্চত প্ৰাঞ্জনা দত্ত-নিৰ্মল দত্তৰ অভিনয়ৰ তাণ্ডৱ
বৰখলাৰ পৰা বীৰেন কলিতা, ৬ নৱেম্বৰ, উচ্চ জাতি আৰু নিম্ন জাতি তথা ধনী দুখীয়াৰ এক বাস্তৱধৰ্মী সামাজিক দায়বদ্ধতাৰ দলিল “বিষাক্ত গোলাপ”। এক ব্যতিক্ৰমী প্ৰেম কাহিনী। ৰঙা গোলাপৰ কাঁইটে ক্ষত বিক্ষত কৰে নায়কক। গোপালৰ পাহিয়ে পাহিয়ে কৃষ্ণৰূপী নিৰ্মলৰ বিষাক্ত প্ৰেম। নলবাৰী জিলাৰ বৰখলাৰ বৃহৎ খেল পথাৰত যেতিয়া অসমৰ সাংস্কৃতিক বৰপথাৰ চহকী কৰি থকা বৃন্দাবন থিয়েটাৰৰ মঞ্চ দুখনত যশস্বী নাট্যকাৰ ৰাজদ্বীপৰ “বিষাক্ত গোলাপ” নাটকত যেতিয়া দক্ষ অভিনেত্ৰী প্ৰাঞ্জনা দত্ত আৰু সুনিপুন চৰিত্ৰভিনেতা নিৰ্মল দত্তৰ দুৰ্দান্ত অভিনয় আৰু সংলাপ প্ৰক্ষেপত প্ৰেক্ষাগৃহত ঠাহ খাই থকা নাট্যৰসিক দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাতচাপৰিত দুগুণ উৎসাহিত পৰা পৰিলক্ষিত হয় প্ৰাঞ্জনা দত্ত, নিৰ্মল দত্ত আৰু অন্যান্য সকল। জাত পাত তথা উচ্চ জাতিৰ দম্ভ অহংকাৰ ভাঙিবলৈ প্ৰগতিশীল নাৰীৰ চৰিত্ৰত পাৰ্বতী সুত্ৰ ওৰফে প্ৰাঞ্জনা দত্তৰ দুৰ্দান্ত অভিনয়। সকলো নাটকৰ সংলাপ প্ৰক্ষেপত অধিক প্ৰাণৱন্ত কৰি তোলাত সিদ্ধহস্ত প্ৰাঞ্জনা দত্ত। অসমীয়া বোলছবি আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চৰ এগৰাকী দক্ষ তথা বলিষ্ঠ অভিনেত্ৰী হিচাপে পৰিচিত নাট্যপ্ৰেমী ৰাইজৰ। দুৰ্দান্ত অভিনয় আৰু সংলাপ প্ৰক্ষেপত সিদ্ধহস্ত প্ৰাঞ্জনা দত্ত মঞ্চৰ এগৰাকী সফল অভিনেত্ৰী। উল্লেখ্য যে বিগত বৰ্ষত নলবাৰী ৰাস মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। তেনেদৰে নাটকৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত কৃষ্ণ ৰূপী নিৰ্মল দত্ত। ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰই মানুহক আকৰ্ষিত কৰে কিন্তু এই কৃষ্ণ ৰূপী নিৰ্মল দত্তৰ মতে “এইজন কৃষ্ণ কিন্তু সেই কৃষ্ণ নহয় অলপ বেলেগ”। হয় এইজন এজন দুৰ্দ্ধৰ্ষ প্ৰেমীক কৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই বাঁহী সুৰত মতলীয়া কৰিছিল গোপীসকলৰ লগতে ৰাধাক। কিন্তু এই জন কৃষ্ণই এক আসুৰিক প্ৰকৃতিৰে ভাল পাব বিচাৰে নীহাৰিকা ওৰফে দেৱাশ্ৰীক। বাধা দিয়ে পাৰ্বতীৰ পুত্ৰ বিবেক ওৰফে ৰাতুল দাসে। বিবেকৰ চৰিত্ৰত সফল হৈছে ৰাতুল দাস। বিষাক্ত গোলাপৰ কাহিনী ভাগৰ সকলো দৃশ্যত কৃষ শৰ্মা ওৰফে নিৰ্মলৰ দপদপনিত কপি থাকিল মঞ্চ দুখন। এক দুৰ্দান্ত অভিনয়ৰে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয় নিৰ্মল দত্ত। নাটকৰ শেষত দৰ্শকৰ মুখে মুখে বাগৰি আহিল “এই কৃষ্ণ কিন্তু সেই জন কৃষ্ণ নহয়- অলপ বেলেগ”। ইফালে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তথা উচ্চ জাতিৰ প্ৰতিনিধিত্ব কৰা অমৰীশ বৰুৱা ওৰফে বলিষ্ঠ অভিনেতা জীৱন হাতীকাকতীৰ উদাত্ত কন্ঠত নিগৰি ওলাই আহে যে- মই বেয়া মানুহ নহয়, কিন্তু ভাল মানুহৰ মুখাখন পিন্ধি থাকিবলৈ মই মোৰ বৰুৱা বংশৰ মৰ্যদা কেতিয়াও পাহৰিব নোৱাৰো। তেনেদৰে যুৱ অভিনেতা অনুপ ডেকাই এজন প্ৰাক্তন বিধায়কৰ ভূমিকাত দক্ষ অভিনয়ৰে নাটক খন সফলতা কঢ়িয়াই আনিছে। তেনেদৰে বিষাক্ত গোপাল নাটক খনৰ সফল হোৱাত সম্পূৰ্ণ দলগত অভিনয়ৰে সমৃদ্ধ কৰিছে দক্ষ হাস্যৰসৰ সৃষ্টি কৰা বীৰেন ভূঞাৰ উপৰিও যুৱ অভিনেতা অবিনাশ হাজৰিকা, অমিত কৌশিক, বিশ্বদেৱ ডেকা সহ অন্যান্য সকলে। এখন শক্তিশালী নাটক দৰ্শকক সন্তুষ্ট কৰিবলৈ দিয়াত সম্পূৰ্ণ সফল হৈছে। নতুন চিন্তা নতুন সংযোজনৰে পঞ্চদশ নাট্য বৰ্ষত বৃন্দাবন থিয়েটাৰৰ প্ৰয়োজক গণেশ ৰায় মেধি ওৰফে বঙ্কিম মেধি। সফল হৈছে দক্ষ নাট্যকাৰ ৰাজদ্বীপ। সফল পৰিচালনা কৰে জনপ্ৰিয় পৰিচালক ৰাজেশ ভূঞা আৰু পৱনদি মহন্তই। গীত নৃত্য পৰিবেশন অতি সুন্দৰ প্ৰদৰ্শন। সংগীত পলাশ সুৰ্য গগৈ আৰু জয়ন্ত কাকতিৰ। কলা নিৰ্দেশক পাপলু পাপলু বিষাক্ত গোলাপ নাটক খন সফলতা কঢ়িয়াই অনাত সফল হৈছে। ইফালে বৃন্দাবন থিয়েটাৰত এই বৰ্ষত নাট্যকাৰ পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাৰ “দেউতা বেগতে আহিবি” আৰু নাট্যকাৰ প্ৰণৱ বৰুৱাৰ “ৰাণী মা” নামৰ নাটক দুখনেও দৰ্শকৰ পৰা বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক নলবাৰীৰ ৯১তম্ ৰাস মহোৎসৱৰ সংগতি ৰাখি ভ্ৰাম্যমাণ থিয়েটাৰ মহোৎসৱত বৃন্দাবন থিয়েটাৰৰ “বিষাক্ত গোলাপ” নাট খন এক উচ্চ মানদণ্ডৰ হোৱাতো নিশ্চিত বুলি আশা কৰিব পাৰি।