নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত আটক ভুৱা আইপিএছ বিষয়া

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : কৰিমগঞ্জত আটক এগৰাকী ভুৱা আই পি এছ বিষয়া। আটক হোৱা এই প্ৰৱঞ্চকৰ নাম হৈছে জাবিৰ হুছেইন। ক্ৰাইম ব্ৰাঞ্চৰ শীৰ্ষ বিষয়া শাহজান লস্কৰ হিচাপে পৰিচয় প্ৰদান কৰি সামাজিক মাধ্যমৰ যোগেদি বহু লোকৰ লগতে বন্ধুত্ব স্থাপন কৰিছিল তেওঁ। আনকি সামাজিক মাধ্যমৰ যোগেদি তেওঁ আৰক্ষীৰ ইউনিফৰ্ম পৰিধান কৰি বহু লোকক প্ৰেৰণ কৰিছিল ছবি। এনেদৰে কৰিমগঞ্জৰ কালীগঞ্জ অঞ্চলৰ এগৰাকী অবসৰ প্ৰাপ্ত শিক্ষক আতিক আহমেদ চৌধুৰীৰ লগত সামাজিক মাধ্যমৰ যোগেদি বন্ধুত্ব স্থাপন হৈছিল তেওঁৰ। পিছত অবসৰ প্ৰাপ্ত শিক্ষকৰ লগতে তেওঁৰ সম্পৰ্ক অধিক হোৱাৰ জড়িয়তে শাহজান লস্কৰ ওৰফে জাবিৰ হুছেইন তেওঁৰ ঘৰতে অহা-যোৱা আৰম্ভ কৰে। এনেদৰে এদিন সুনিতা পাল নামৰ এগৰাকী যুবতীক লগত লৈ তেওঁ অবসৰ প্ৰাপ্ত শিক্ষকৰ ঘৰতে সাক্ষৎ হয়। ইয়াৰ কিছুদিন পিছত শাহজান লস্কৰ ওৰফে জাবিৰ হুছেইনে ফোন যোগে অৱসৰপ্ৰাপ্ত শিক্ষকক জনায় যে সুনিতা পাল নামৰ যুৱতীগৰাকীয়ে আত্মহত্যা কৰে আৰু ইয়াৰ দায়ী ছুইসাইড নোটত তাৰ নাম উল্লেখ কৰি থৈ গৈছে আৰু কিছুমান ফেক অশ্লীল ভিডিঅ প্ৰেৰণ কৰে। এই ঘটনাৰ পৰা বাচিবলৈ হ’লে দশ লাখ টকা প্ৰদান কৰিব লাগিব। পিছে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ভয়তে পাঁচ লাখ টকা প্ৰদান কৰে। এই ঘটনাৰ পিছত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে সন্দেহ লাগিলে পিছত কৰিমগঞ্জ সদৰ থানাত এখন গোচৰ তৰে। কৰিমগঞ্জ আৰক্ষীয়ে কাছাৰৰ কাটিগড়া পৰা আটক কৰিবলৈ সক্ষম হয়।
You might also like