নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ বৰটোকোলাক পৰিচৰ্যা বৈশালী-বুবুলৰ

বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ নগাঁৱৰ বঢ়মপুৰ অঞ্চলত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা এটা বৰটোকোলা পোৱালি চিকিৎসাধীন হৈ আছে। নগাঁও সংমণ্ডল বনবিভাগৰ কাৰ্যালয়ত বৰটোকোলা পোৱালিটো ৮ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছে। এমাহ ধৰি চিকিৎসাধীন হৈ থকা এই পোৱালিটো কিছু সুস্থ হৈ উঠিছে বুলি  জানিব পৰা গৈছে। বৰটোকোলা পোৱালিটোক মাছ আদি খুৱাই আছে। আঘাটপ্ৰাপ্ত পোৱালিটোৰ পৰিচৰ্যাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰী বৈশালী দাস আৰু প্ৰকৃতিপ্ৰেমী বুবুল শৰ্মাই। তেওঁলোকৰ এনে পদক্ষেপৰ সকলোৱে শলাগ লৈছে। বৈশালী দাসে পক্ষী সংৰক্ষণৰ বাবে সজাগতামুলক সেৱা আগবঢ়াই আহিছে। বৈশালী দাসে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা ড:জ্যোতিস্মিতা  দাসৰ তত্বাৱধানত গবেষণা কৰি আছে।আঘাতপ্ৰাপ্ত এমহীয়া বৰটোকোলা পোৱালিটোক কোনো দুষ্ট প্ৰকৃতিৰ লোকে আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে। উল্লেখ যে আই ইউ চি এন ৰঙা তালিকাৰ পৰা বৰটোকোলাক বিপন্ন প্ৰজাতিৰ পক্ষী হিচাপে শ্ৰেণীভূক্ত কৰা হৈছে। আন ঠাইৰ দৰে জিলাখনৰ কিছুমান নিৰ্দিষ্ট ওখ গছত এই প্ৰজাতিৰ চৰাইয়ে আশ্ৰয় লৈ আছে। বিভিন্ন কাৰণত এই ওখ গছবোৰ কটাৰ ফলত এই প্ৰজাতিৰ চৰাইৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। প্ৰকৃতিপ্ৰেমী সকলে এই প্ৰজাতিৰ  চৰাইৰ সংৰক্ষণৰ ব্যৱস্থা লবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে।
প্ৰেৰক কনক হাজৰিকা
You might also like