নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : কাটিগৰা আৰক্ষীয়ে মিজোৰামৰ পৰা মেঘালয় অভিমুখে গৈ থকা এটা পঞ্জাৱ বডিৰ ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বাৰ্মিজ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাটিগৰা গেমন দলঙৰ সমীপত কাটিগড়া আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত গাড়ীখন আটক কৰে। সৰবৰাহকাৰী দুজনে গাড়ীৰ কেবিনৰ ভিতৰত লুকুৱাই অবৈধ বাৰ্মিজ চিগাৰেট লৈ আহিছিল। আৰক্ষীয়ে গাড়ীখনৰ পুংখানুপুংখ তালাচী চলাই গাড়ীখনৰ পৰা ১০০০ পেকেট অবৈধ ইচচি লাইট বিদেশী চিগাৰেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাত ত্ৰিপুৰা ৰাজ্যৰ আম্বাছাৰ ক্ষেত্ৰজয় ৰিয়াং আৰু কচুচৰাৰ বৰমতিয়েন হালাম নামৰ দুজন অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।
প্ৰেৰক গৌতম তালুকদাৰ