নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : উত্তৰ পূবৰ সন্ত্ৰাসবাদীৰ অবাধ বিচৰণ স্থলী অসম অৰুণাচলৰ সীমান্তৱৰ্তী জাগুনৰ দহ মাইলস্থিত হিমালয় চাহ উদ্যোগৰ মহৰী হিচাপে কৰ্মৰত অপহৃত গৌতম বসুমতাৰীক অৱশেষত মুক্তি দিলে আলফা স্বাধীনে। উল্লেখ্য যে জাগুনৰ প্ৰতিস্থিত ব্যৱসায়ী ৰাধা চেতিয়াৰ মালিকানাধীন হিমালয় চাহ উদ্যোগৰ পৰা এটা সাত জনীয়া অস্ত্ৰধাৰী দলে যোৱা ২৩ অক্টোবৰ তাৰিখে নিশা প্ৰায় ১০ বজাত উদ্যোগটোত মহৰী হিচাপে কৰ্মৰত গৌতম বসুমতাৰীক অপহৰণ কৰি নিছিল। সম্পূৰ্ণ এটা পষেক ম্যানমাৰৰ গভীৰ অৰণ্যত আলফাৰ তত্ত্বাৱধানত থকাৰ পাছত সংগঠনটোৱে কালি ভাৰত ম্যানমাৰৰ সীমান্তত এৰি থৈ যায়। আজি আবেলি লেখাপানী আৰক্ষীয়ে গৌতম বসুমতাৰীক মুকলি কৰি দিয়াৰ খবৰ পাই অৰুণাচলৰ ১৭ মাইলৰ পৰা উদ্ধাৰ কৰি লেখাপানী থানালৈ লৈ আহে। ইতিমধ্যে অপহৃত গৌতমক পৰিয়ালৰ হাতত চমজাই দিয়া হৈছে। এক সূত্ৰে জানিব পৰা মতে এক শকত অংকৰ ধনৰ বিনিময়ত আলফাই অপহৃতক মুকলি কৰি দিয়া বুলি সন্দেহ কৰা হৈছে।
প্ৰেৰক হেমন্ত গগৈ