বজালীৰ বনগাঁৱত ৰাইজৰ দানেৰে নিৰ্মাণ দুই কোটি টকাৰ মন্দিৰ
নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ ৰাইজে নখ যোকাৰিলে নৈ যে বয় সেই কথা সচা অৰ্থত প্ৰমাণ কৰি সমগ্ৰ ৰাজ্যতে এক শুভ বাৰ্তা প্ৰেৰণ কৰিছে বজালীৰ দক্ষিণ প্ৰান্তৰ ঐতিহ্যমণ্ডিত বনগাঁওৰ ৰাইজে। যিটো সময়ত চৰকাৰী অনুদানক অবিহনে ৰাজহুৱা কাম কৰা তাহানিৰ পৰম্পৰা ক্ৰমাত হেৰাই যাব ধৰিছে সেইটো সময়তে চৰকাৰী অনুদানক আশা নকৰি বৰাগাওৰ গঞা ৰাইজে নিজৰ দান বৰঙণিৰে অতি সুন্দৰ আৰু মনোগ্ৰাহীকৈ নিৰ্মাণ কৰি উলিয়াইছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভূৰ মন্দিৰ। বনগাঁও সভা মহোৎসৱ উদযাপন সমিতিৰ প্ৰত্যক্ষ হস্তক্ষেপত গাঁওবাসীৰ একান্ত প্ৰচেষ্টাত প্ৰায় দহ বছৰযোৰা নিৰবচিন্ন চেষ্টাৰ অন্তত এটকা এটকাকৈ ৰাইজৰ পৰা সংগ্ৰহ কৰা প্ৰায় দুই কৌটি টকা ৰাইজৰ ধনেৰে নিৰ্মাণ আটকধুনীয়া মন্দিৰটো আজি আধ্যাত্মিক পৰিবেশৰ মাজত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শুভ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকি দাসে বনগাঁওবাসীৰ এনে অসাধাৰণ কামত অভিভুত হৈ বনগাঁও ৰাইজৰ এই মহান কামে অসমত এক আদৰ্শৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰি সকলো ৰাইজে বনগাঁওৰ ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি সজোৱা মন্দিৰটো এবাৰ চাই যাবলৈ অনুৰোধ জনাই। মন্দিৰত বন্তি জলাই ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰাৰ লগে লগে ফটকা আতচবাজী প্ৰদৰ্শনৰ কৰে আজিৰ অনুষ্ঠানত বিশিষ্ট পৰিবেশ কৰ্মী আনন্দ খাটনিয়াৰ, দুলাল তালুকদাৰ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।ৰাইজৰ অকুন্ঠ সঁহাৰিৰ বাসে সকলো দাতা আৰু ৰাইজক আন্তৰিক ধন্যবাদ জনাই বনগাঁও সভা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি যোগেন্দ্ৰনাথ শৰ্মা আৰু সম্পাদক দীনেশ চন্দ্ৰ মেধি।
প্ৰেৰক কল্যাণ কলিতা