নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰা ঘোঁৰামাৰীৰ হেম বৰুৱা উ: মা: বিদ্যালয়ৰ মহাৰজত জয়ন্তী

🔹 পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্মই হ’ল মানৱ ধৰ্ম : এঞ্জেলা চাংমাই

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ : “পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্মই হ’ল মানৱ ধৰ্ম । সেয়েহে আমি সকলোৱে এখন নতুন সংস্কাৰী সমাজ গঢ়িবলৈ সৎ প্ৰয়াস কৰাৰ লগতে মানৱতাবাদৰ দীক্ষা লোৱা উচিত । বিশ্বায়নৰ যুগত আমি আমাৰ নিজৰ বিবেচনাৰে জীৱন গঢ়াৰ ক্ষেত্ৰত ধনাত্মক আৰু ঋণাত্মক দিশৰ পৰীক্ষা-নিৰীক্ষা কৰি আগবঢ়া উচিত । সমাজত সকলো লোক কেতিয়াও বেয়া নহয়, এজন অথবা দুজনেই সমাজক কলংকিত কৰি ৰাখে । সমাজৰ পৰা সকলোধৰণৰ অপশক্তিক আমি মষিমূৰ কৰিব লাগিব । ছাত্ৰ-ছাত্ৰীসকলে মুক্তমনে নিজৰ মনৰ ভাব প্ৰকাশ কৰাৰ বাবে সুস্থ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষক, অভিভাৱক, সমাজ সকলোৰে সমানুপাতিক সহযোগিতাৰ নিতান্তই আৱশ্যক । আমি একেশ্বৰবাদৰ প্ৰতি বিশ্বাস বৃদ্ধি কৰাৰ লগতে শংকৰদেৱ, মাধৱদেৱৰ ৰচনাৱলীসমূহ নৱপ্ৰজন্মৰ মাজত বিলাই দিব লাগে । আমি জ্ঞান অৰ্জনৰ বাবে অধ্যয়ন কৰা গ্ৰন্থৰ কথাবোৰ মনত থাকে। সামাজিক মাধ্যমত এচামে অপপ্ৰচাৰ, ট্ৰল কৰাতহে ব্যস্ত থকাতকৈ কিবা ধনাত্মক কাম কৰাত মনোনিৱেশ কৰিলে সমাজৰ উপকাৰ হ’ব । জীৱনত কাম কৰি গ’লে সমালোচনা থাকিবই , এইবোৰক আমি আওকাণ কৰিব লাগিব ।”- আজি শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ঘোঁৰামাৰীৰ হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহৰ প্ৰথমখন মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমৰ উদীয়মান লেখিকা, যুৱ সাংবাদিক এঞ্জেলা চাংমায়ে বিশিষ্ট অতিথিৰ ভাষণত এইদৰে কয় । লগতে তেওঁ ভাষণ প্ৰসংগত আমাৰ জাতীয় পৰম্পৰা আৰু ধৰ্মীয় চিন্তা-চেতনা বিকাশৰ বাবে মহাপুৰুষ দুজনাৰ কীৰ্তন আৰু গুণমালাৰ মহত্ত্বপূৰ্ণ তাৎপৰ্য আৰু আদৰ্শসমূহ গ্ৰহণ কৰা উচিত বুলি কৈ দুয়োজনা গুৰুৱে অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা আপুৰুগীয়া অৱদানৰ বিষয়ে তথ্যসমৃদ্ধ এক বিশ্লেষণ দাঙি ধৰে । একেদৰে চাংমায়ে কয় যে শিক্ষাবিদ আৰু অভিভভাৱকসকলক শিশু আৰু কিশোৰৰ শাৰীৰিক, শৈক্ষিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত জ্ঞান প্ৰদান কৰা উচিত। এইক্ষেত্ৰত নতুন চামৰ শিক্ষাৰ্থীসকলেও সঁচা অৰ্থত এখন সুস্থ, সবল সমাজক নেতৃত্ব দিব পৰাৰ জ্ঞান আহৰণ কৰাত ব্ৰতী হৈ ভৱিষ্যতে দেশৰ সুনাগৰিক হিচাপে নিজকে গঢ়ি তোলা উচিত বুলি নতুন প্ৰজন্মক আহ্বান জনায় । আজি পুৱা বিদ্যালয়খনৰ তিনিদিনীয়া মহাৰজত জয়ন্তীৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে মহাৰজত জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে ৰঙাপৰাৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি কৃষ্ণ কমল তাঁতীয়ে আৰু অধ্যক্ষা মিন্টু নাৰ্জাৰীৰ লগতে ঘোঁৰামাৰী অঞ্চলৰ ৭৫জন বিশিষ্ট নাগৰিকৰ দ্বাৰা ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ৭৫খন পতাকা উত্তোলন কৰে । ইয়াৰ পিছতেই বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে বিশিষ্ট ভাস্কৰ্য শিল্পী মোহিনী হাজৰিকাই নিৰ্মাণ কৰা স্মৃতিসৌধ উন্মোচন কৰে দাতা মহেন্দ্ৰ দৈমাৰী আৰু পৰিয়ালবৰ্গই । উল্লেখনীয় যে বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত গোলাপ বৰাৰ নামত উৎসৰ্গিত প্ৰেক্ষাগৃহ আৰু স্মৃতি ফলক আনুষ্ঠানিকভাৱে উন্মোচন কৰে তেওঁৰ পত্নী সোণেশ্বৰী বৰাই। ইয়াৰ পিছতেই হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি মনমোহন দাসৰ স্মৃতিত নিৰ্মিত সাংস্কৃতিক মঞ্চ উন্মোচন কৰে পৰিয়ালবৰ্গই। আজিৰ অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, উদযাপন সমিতিৰ সম্পাদক মৃণাল শইকীয়া, অধ্যক্ষা মিন্টু নাৰ্জাৰী, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী কৰণ শইকীয়া, কাৰ্যকৰী সভাপতি দীপক বড়ো প্ৰমুখ্যে ঘোঁৰামাৰী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাৰ আৰম্ভণিতে স্থানীয় শিল্পীসকলে সমৱেত সংগীত পৰিৱেশন কৰে । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মহাৰজত জয়ন্তীৰ মূল সভাত অনুষ্ঠানৰ শেষৰ দিনা ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, জলসিঞ্চন আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ভীমানন্দ তাঁতী, এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ৰাষ্ট্ৰীয় খেলুৱৈ যজ্ঞেশ্বৰ দৈমাৰী আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট কৃষক-সমাজসেৱক কমিচন মিলিকে ধৰি বহুকেইগৰাকী শিক্ষাবিদ উপস্থিত থাকিব। একেদৰে অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক সন্ধ্যা, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন আদিও অনুষ্ঠিত হ’ব ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like