আইপিএলত প্ৰথমবাৰ নাম পঞ্জীয়ন, নিলামত কোন দললৈ এণ্ডাৰছন
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে আই পি এল ২০২৫ৰ মেগা নিলামৰ বাবে। ছৌদি আৰবৰ জেদ্দা চহৰত অনুষ্ঠিত হ’ব মেগা নিলাম। ২৪ আৰু ২৫ নৱেম্বৰত আয়োজন কৰা হ’ব নিলাম। ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ ক্ৰিকেটাৰে পঞ্জীয়ন কৰিছে। ইয়াৰে এটা নাম দেখি অনুৰাগীসকল যথেষ্ট আচৰিত হৈছে আৰু সেই নামটো হৈছে ইংলেণ্ডৰ অভিজ্ঞ খেলুৱৈ জেমছ এণ্ডাৰছনৰ। ৪২ বছৰ বয়সতো তেওঁৰ মাজত এক নতুন উদ্যম দেখা গৈছে। কাৰণ যদি কোনো দলে তেওঁক কিনি প্লেইং এলেভেনত অন্তৰ্ভুক্ত কৰে, তেন্তে এইটোৱেই হ’ব প্ৰথমবাৰৰ বাবে যেতিয়া জেমছ এণ্ডাৰছনে তেওঁৰ প্ৰথমখন আই পি এল মেচ খেলিব। জেমছ এণ্ডাৰছনে নিজেই প্ৰকাশ কৰিছে যে তেওঁ কিয় আই পি এলত খেলিবলৈ ইমান আগ্ৰহী। বিবিচি ৰেডিঅ’ৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে তেওঁ এতিয়াও নিজকে খেলখনত নতুন কিবা এটা কৰা দেখিব বিচাৰে আৰু আইপিএলে তেওঁৰ বিকাশত সহায় কৰিব পাৰে। জেমছ এণ্ডাৰছনে কয় যে “মই ভাবো যে মোৰ এতিয়াও খেলখনৰ প্ৰতি আকৰ্ষণ আছে। মই কেতিয়াও আই পি এলত খেলা নাই আৰু মই ভাবো যে খেলুৱৈ হিচাপে মোৰ এতিয়াও বহুত কিবাকিবি আছে।” তেওঁৰ মতে আই পি এলৰ অভিজ্ঞতাই তেওঁক খেলৰ নতুন কৌশল বুজিবলৈ সহায় কৰিব, যাৰ ফলত তেওঁৰ প্ৰশিক্ষক দক্ষতাও বৃদ্ধি পাব। জেমছ এণ্ডাৰছনে কয় যে “মই এই ছিজনৰ পিছত ইংলেণ্ড দলৰ সৈতেও মেণ্টৰিং আৰু প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছো। মই অনুভৱ কৰোঁ যে আই পি এলৰ দৰে টুৰ্ণামেণ্টত খেলিলে মোৰ ক্ৰিকেটৰ জ্ঞান আৰু অধিক বৃদ্ধি পাব পাৰে, যিয়ে মোক ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণ কৰিব পাৰে। মোৰ প্ৰশিক্ষক কেৰিয়াৰতো।” উল্লেখ্য যে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায় লৈছে এণ্ডাৰছনে।