নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰোবাক যদি আঘাত কৰিছোঁ, অনুগ্রহ কৰি ক্ষমা কৰিব

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ নৱেম্বৰঃ দুবছৰীয়া কার্যকালৰ সামৰণি মাৰি অৱসৰ গ্রহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে৷ ২০২২ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্রহণ কৰি দুটা বছৰ দেশৰ ইতিহাসত কেইবাটাও গুৰুত্বপূর্ণ ৰায়দানেৰে চর্চিত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে অৱসৰ গ্রহণ কৰি বিদায়ী ভাষণ দিয়ে৷ বিদায়ী মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কয়– আজিৰে পৰা মই ৰায় দিব নোৱাৰিম৷ কিন্তু মই এটা বিষয় হৈ থাকিম৷ দুবছৰীয়া কার্যকালত তেওঁৰ অভিজ্ঞতা সন্দর্ভত ব্যাখ্যা কৰি বিদায়বেলাত মুখ্য ন্যায়াধীশগৰাকীয়ে কিছু তৰল মুহূর্তৰো বিষয়ে কয়৷ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়ালয়ৰ চৌহদত কঠোৰ ডি ৱাই চন্দ্রচূড়ে কয়– মোৰ সকলো ভুলৰ বাবে ক্ষমা কৰিব, কাৰোবাক যদি আদালতত আঘাত কৰিছোঁ, অনুগ্রহ কৰি তাৰ বাবেও ক্ষমা কৰিব৷ তেওঁৰ উত্তৰসূৰী হিচাপে ন্যায়াধীশ সঞ্জীৱ খান্নাক অনুমোদন জনাব পাই সুখী বুলি মন্তব্য কৰি চন্দ্রচূড়ে কয় যে দেশৰ ন্যায়িক ব্যৱস্থাক সঠিক হাতত অর্পণ কৰিলোঁ৷ আনপিনে বিদায়ী মুখ্য ন্যায়াধীশক সন্মান জনোৱা অনুষ্ঠানত অধিবক্তা আৰু ন্যায়ালয়ৰ কর্মচাৰীৰ লগতে বাৰ এছ’চিয়েচনৰ সদস্যসকলে ডি ৱাই চন্দ্রচূড়ক ভূয়সী প্রশংসা কৰে৷ ন্যায়িক ব্যৱস্থাত এগৰাকী ৰকষ্টাৰ হিচাপেও ডি ৱাই চন্দ্রচূড়ক আখ্যা দিয়ে অধিবক্তাসকলে৷ ইপিনে ৫১সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে অহা ১১ নৱেম্বৰত শপতগ্রহণ কৰিবলগীয়া ন্যায়াধীশ সঞ্জীৱ খান্নাই ন্যায়িক ব্যৱস্থাত মুখ্য ন্যায়াধীশ চন্দ্রচূড়ৰ নাম সন্মানেৰে জিলিকি থাকিব বুলি কয়৷

You might also like