নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডনত ৰবটে অঁকা ছবি ১১ কোটি ১৩ লাখ টকাত নিলাম

নিউজ ডেস্ক, ১২ নৱেম্বৰ : শিল্পীৰ তুলিকাত প্রাণ পাই উঠে ছবিয়ে৷ শিল্পীৰ মনন, মেধাৰ যুগলবন্দীত সৃষ্টি হয় সৃজনৰ৷ শিল্পী ‘এআই–ডিএ’ৰ ৰং-তুলিকাৰ মিশ্রণত সৃষ্টি হোৱা চিত্রই এইবাৰ ইতিহাস ৰচনা কৰিলে৷ ‘এআই–ডিএ’ই অঁকা ছবি নিলামত বিক্রী হ’ল ১৩ লাখ ২০ হাজাৰ মার্কিন ডলাৰত৷ ভাৰতীয় মুদ্রাৰ হিচাপত ১১ কোটি ১৩ লাখ টকা৷ কোন এই শিল্পী? কিমান চিন্তাশীল তেওঁৰ মন? কেনভাছত ছবি অঁকাৰ সময়ত তেওঁ কি ভাবিছিল? চিত্রপ্রেমীসকলে নিশ্চয় এই কথাবোৰেই ভাবি আছে৷ আচলতে ‘এআই–ডিএ’ কোনো মানুহ নহয়৷ সেয়া মানুহৰ দৰে দেখিবলৈ যন্ত্রমানৱী, ৰবট৷ কোনো ৰবটে যে এনে নিখুঁত দক্ষতাৰে ৰং–তুলিকা ব্যৱহাৰ কৰি তেজ–মঙহৰ চিত্রকৰক প্রত্যাহ্বান জনাব পাৰে, সেয়া বোধহয় কোনেও সপোনতো ভাবিব পৰা নাছিল৷ সেইবাবে ‘এআই–ডিএ’ই অংকন কৰা ছবি দেখি সকলোৱে হতবাক হ’বলগীয়া হৈছে৷ সেই ছবি যে বিপুল মূল্যত নিলামত বিক্রী হ’ব, সেয়াও ধাৰণা কৰিব পৰা নাছিল লণ্ডনৰ নিলাম ঘৰ ছডবিয়ে৷ গণিতজ্ঞ আৰু কৃত্রিম মেধাৰ জনক আলান টিউৰিঙৰ মুখৰ আকৃতিত ছবিখন অংকন কৰিছে ‘এআই–ডিএ’ই৷ ৭.৩০ ফুট উচ্চতাৰ কেনভাছত অঁকা ছবিখন ৰখা হৈছিল ছডবিৰ ডিজিটেল আর্ট গেলাৰীত৷ যন্ত্র মানৱীয়ে এই কেনভাছত আঁকিছে আলানৰ মুখাবয়ৱ৷ ছবিখনৰ নাম দিয়া হৈছে ‘এআই গড’৷ অর্থাৎ ‘কৃত্রিম মেধাৰ ঈশ্বৰ’৷ ‘এআই–ডিএ’ক ২০১৯ চনত আইডান মেলাৰৰ নেতৃত্বত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে সৃষ্টি কৰিছিল৷ ছডবিয়ে ভাবিছিল ‘এআই–ডিএ’ই অঁকা ছবিখন ২ লাখ ডলাৰতকৈ কম মূল্যত বিক্রী হ’ব৷ কিন্তু ছবিখনে অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ স্মর্তব্য যে ১৯৫০ চনত আলান টিউৰিঙে নাজিসকলে পঠিওৱা সাংকেতিক বার্তাৰ মর্মার্থ উদ্ধাৰ কৰিছিল৷ আলান টিউৰিঙৰ পদ্ধতি ব্যৱহাৰ কৰিয়েই নাজি বাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল প্রতিপক্ষ দেশবোৰে৷

You might also like