অযোধ্যাৰ ৰাম মন্দিৰসহ হিন্দু মন্দিৰত আক্রমণৰ ভাবুকি
🔹 কানাডাৰ পৰা সন্ত্রাসবাদী পান্নুনৰ বার্তা
নিউজ ডেস্ক, ১২ নৱেম্বৰ : অযোধ্যাৰ ৰাম মন্দিৰকে ধৰি দেশৰ বিভিন্ন প্রান্তৰ হিন্দু মন্দিৰত ভয়াৱহ আক্রমণৰ ভাবুকি খালিস্তানী সন্ত্রাসবাদী গুৰপটৱন্ত সিং পান্নুনৰ ৷ কানাডাত হিন্দু লোকক দীপাৱলী উদযাপন নকৰিবলৈ সকীয়নি দিয়াৰ পাছতে দেশখনৰ ব্রাম্পটনত হিন্দু মন্দিৰত খালিস্তানী সন্ত্রাসবাদীয়ে ভয়াৱহ আক্রমণ চলোৱাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই খালিস্তানী সন্ত্রাসবাদী পান্নুনে ভাৰতৰ হিন্দু মন্দিৰত আক্রমণৰ ভাবুকি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নিষিদ্ধ সন্ত্রাসবাদী সংগঠন শিখছ ফৰ জাষ্টিচ, চমুকৈ এছএফজেৰ মুৰব্বী পান্নুনে অহা ১৬ আৰু ১৭ নৱেম্বৰত অযোধ্যাৰ ৰাম মন্দিৰকে ধৰি বিভিন্ন হিন্দু মন্দিৰত আক্রমণৰ ভাবুকি দিয়া বিষয়টোৱে দেশৰ নিৰাপত্তা বাহিনীকো উদ্বিগ্ণ কৰি তুলিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে সন্ত্রাসবাদী পান্নুনে সংসদ ভৱন, এয়াৰ ইণ্ডিয়া বিমানত আক্রমণৰ ভাবুকি দিছিল যদিও নিৰাপত্তা বাহিনীয়ে এই ভাবুকিক বিশেষ গুৰুত্ব প্রদান কৰা নাছিল৷ কিন্তু সন্ত্রাসবাদী পান্নুনৰ ভাবুকিৰ পাছতে কানাডাৰ হিন্দু মন্দিৰত খালিস্তানী সন্ত্রাসবাদীয়ে আক্রমণ চলোৱাত এইবাৰৰ আক্রমণৰ ভাবুকি তাৎপর্যপূর্ণ হৈ উঠিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ কার্যসূচীত অংশ লৈ থকাৰ ভিডিঅ’ প্রচাৰ কৰি সন্ত্রাসবাদী পান্নুনে এই ভাবুকি দি কয় যে হিংসাত্মক হিন্দু আদর্শৰ জন্মস্থান অযোধ্যাৰ ভেটি কঁপি উঠিব৷ অযোধ্যাৰ লগতে আন অঞ্চলৰ হিন্দু মন্দিৰতো আক্রমণ চলিব৷ মন কৰিবলগীয়া যে সন্ত্রাসবাদী পান্নুনক ২০২০ চনৰ জুলাইত ভাৰত চৰকাৰে বেআইনী কার্যকলাপ প্রতিৰোধ আইন (ইউএপিএ)ৰ অধীনত সন্ত্রাসবাদী হিচাপে ঘোষণা কৰি চৰকাৰখনে কেইবাবাৰো গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে৷ ভাৰতৰ পৰা গৈ আমেৰিকা যুক্তৰাষ্ট্রৰ বাসিন্দা হিচাপে থকা এছজেএফৰ মুৰব্বী পান্নুনে সঘনে কানাডাও ভ্রমণ কৰি থাকে৷