নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা (স্বাধীন)ৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত দুজন

বিশেষ বাৰ্তা, ১২ নৱেম্বৰ : তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ বহু সৰু-বৰ ব্যৱসায়ীক আলফা (স্বাধীন)ৰ নামত ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল। তিনিচুকীয়া আৰক্ষীয়ে তেনে কিছু অভিযোগ লাভ কৰাৰ পাছত আৰম্ভ কৰে তদন্ত আৰু আৰক্ষীয়ে চলোৱা তদন্তৰ পাছত সোমবাৰে নিশা জিলাখনৰ দুজন লোকক ইতিমধ্যে আটক কৰাৰ লগতে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত স্থানীয় আৰক্ষী আৰু সেনাৰ সহযোগত চলোৱা অভিযানত ফিল’বাৰী গুটিবাৰীৰ অপূৰ্ব মৰাণ (৩০) আৰু মুক্তি মৰাণ (৩৩)ক আটক কৰা হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে জানিবলৈ দিয়া অনুসৰি, তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু ফিল’বাৰীৰ কেইবাজনো ব্যৱসায়ীক ভয়-ভাবুকিৰে আলফা (স্বাধীন)ৰ নামত পেইডত ধনদাবী কৰিছিল এই দুই যুৱকে । আৰক্ষীয়ে দুই যুৱকক কৰায়ত্ত কৰাৰ সময়ত আলফা স্বাধীনৰ পেইডত কেইবাখনো ধনদাবী পত্ৰ জব্দ কৰে ৷ অপূৰ্ব মৰাণ এগৰাকী আত্মসমৰ্পণকাৰী আলফা (স্বাধীন) সদস্য আছিল ।
প্ৰেৰক বিবেক বড়া
You might also like