নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিআইএছএফত মহিলাৰ প্রথম বেটেলিয়ন গঠনৰ সিদ্ধান্ত গৃহ মন্ত্রালয়ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ নৱেম্বৰঃ ৰাষ্ট্রীয় প্রতিৰক্ষাত নাৰী সবলীকৰণৰ কাৰণে যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিলে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চমুকৈ চিআইএছএফত প্রথমটো মহিলাৰ বেটেলিয়ন গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছে গৃহ মন্ত্রালয়ে৷ উল্লেখ্য যে বর্তমান চিআইএছএফত ৭ শতাংশ মহিলা নিযুক্তি হৈ আছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে প্রথমটো মহিলা বেটেলিয়ন গঠনৰ সিদ্ধান্ত লোৱাৰ পাছতেই মহিলা চিআইএছএফ কর্মীৰ নিযুক্তিৰ প্রক্রিয়াও আৰম্ভ হ’ব৷ সকলো মহিলাৰ চিআইএছএফ বেটেলিয়ন গঠন কৰাৰ পিছতেই এই মহিলাৰ পৃথক পৰিচিতি হ’ব৷ ৰাষ্ট্রীয় সুৰক্ষাত মহিলা অন্তর্ভুক্তিৰ প্রতি গুৰুত্ব আৰোপ কৰিয়েই গৃহ মন্ত্রালয়ে এই পদক্ষেপ গ্রহণ কৰিছে৷ সামৰিক বাহিনীকে ধৰি নিৰাপত্তা বাহিনীত লিংগ বৈষম্যৰ বিষয়টো ব্যাপক চর্চাৰ মাজত থকাৰ সময়তে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সিদ্ধান্তই নাৰী সবলীকৰণৰ ক্ষেত্রত নতুন গতি দিব৷ চিআইএছএফৰ মুখ্য কার্যালয়ৰ পৰা প্রকাশ কৰা মতে প্রথম মহিলা বেটেলিয়নৰ বাবে নিযুক্তি, প্রশিক্ষণ আৰু স্থান বাছনি প্রক্রিয়া আৰম্ভ হৈছে৷ কমাণ্ডো অপাৰেচন, ভিআইপিৰ সুৰক্ষা, বিমানবন্দৰৰ নিৰাপত্তা আৰু দিল্লী মেট্র’ ৰে’লত মহিলাক নিযুক্তিৰ বাবে গুৰুত্ব আৰোপ কৰিয়েই মহিলা বেটেলিয়নৰ জোৱানসকলক কঠোৰ প্রশিক্ষণ দিয়া হ’ব৷ উল্লেখ্য যে চিআইএছএফৰ ৫৩সংখ্যক প্রতিষ্ঠা দিৱসত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চিআইএছএফত মহিলা বেটেলিয়ন গঠনৰ প্রসংগ উত্থাপন কৰি বিষয়টো আগবঢ়াবলৈ নির্দেশ দিছিল৷ ইয়াৰ পিছতেই আজি আনুষ্ঠানিকভাৱে গৃহ মন্ত্রালয়ে চিআইএছএফৰ প্রথমটো মহিলা বেটেলিয়ন গঠনত অনুমোদন জনোৱা হয়৷

You might also like