নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত খেতি খোৱাৰ বাবেই ছাগলী হত্যা, এজাহাৰ

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ নগৰবেৰাৰ পলাহৰটাৰীত জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড। খেতি খোৱাৰ বাবেই কোবাই মাৰিলে এটা ছাগলী। ২নং পলাহৰটাৰীৰ হজৰত আলী নামৰ লোক এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ। ঘটনাটোক কেন্দ্ৰ কৰি পলাহৰটাৰীত তীব্ৰ চাঞ্চল্য বিয়পে। ন্যায় বিচাৰি ভুক্তভোগীয়ে নগৰবেৰা থানাত এজাহাৰ দাখিল কৰে। পলাহৰটাৰীৰ মতিবৰ ৰহমানৰ এটা ছাগলীয়ে একেগাঁৱৰে হজৰত আলী নামৰ এজনৰ ধান খেতি খাবলৈ লোৱাত খৰ্গহস্ত হৈ ছাগলীটো বধ কৰে আৰু মৰা ছাগলীটো লোকৰ খেতিত পেলাই দিয়ে। বহুপৰৰ পিছত ছাগলী বিচাৰি মতিবৰ আৰু পত্নীয়ে পথাৰলৈ গৈ তেজেৰে লুতুৰি-পুতুৰি ছাগলীজনী প্ৰত্যক্ষ কৰে আৰু তাকে লৈ দুই পক্ষৰ মাজত উত্তপ্ত পৰিস্থিতিৰ উদ্ৰেক ঘটে যদিও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। হজৰত আলীয়ে এই গৰ্হিত কাণ্ড সংঘটিত কৰা বুলি জানিব পাৰি আজি ন্যায় বিচাৰি নগৰবেৰা থানাত ছাগলী হত্যাকাৰী হজৰত আলীৰ বিৰুদ্ধে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে। সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও অঞ্চলজুৰি অব্যাহত আছে চেপা উত্তেজনা।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like