বৰপেটাৰ কলগাছিয়াৰ পৰা ১০ শিশু শ্ৰমিক উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ : চৰকাৰে শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়নৰ কৰিছে যদিও একাংশ অভিভাৱক আৰু ব্যৱসায়ীয়ে নিজৰ সুবিধা বুজি বিনাবেতনে নাইবা অতি কম মজুৰিত শিশু শ্ৰমিকসকলক বিভিন্ন কামত নিয়োজিত কৰে। ফলত শিশুসকলে শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে আৰু ক্ৰমান্বয়ে ভৱিষ্যত প্ৰজন্ম অন্ধকাৰৰ পিনে গতি কৰা পৰিলক্ষিত হৈছে। আজি বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়া, বামুনটাৰী আৰু টি এন ডি চকত এক অভিযান চলায় আৰু এই অভিযানত বৰপেটা জিলা শ্ৰম বিভাগ, জিলা শিশু সুৰক্ষা বিষয়া, চাইল্ড হেল্প লাইন,আৰ জি ভি এন, বি বি এছ আৰু কলগাছিয়া থানাৰ সহযোগত এই উদ্ধাৰ অভিযানত ১০জন শিশু শ্ৰমিক উদ্ধাৰ কৰি বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
প্ৰেৰক মফিদুল ইছলাম