নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ হেকৰা ৰাসৰ আনুষ্ঠানিক শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ কামৰূপৰ হেকৰাত আজিৰে পৰা শুভাৰম্ভ হয় ২১সংখ্যক ৯ দিনীয়া আঞ্চলিক ৰাস মহোৎসৱৰ। সেইমৰ্মে পুৱাৰ ভাগত ৰাস মহোৎসৱৰ মূল প্ৰৱেশদ্বাৰ মাংগিলক কাৰ্যসূচীৰে উন্মোচন কৰা হয়। দক্ষিণ কামৰূপ ভক্ত সমাজৰ সভাপতি, হৰিহৰ আশ্ৰম, কেন্দুকুছিৰ সুবোধ কুমাৰ মেধিয়ে প্ৰবেশদ্বাৰৰ শুভউন্মোচন কৰে। পৰৱৰ্তী সময়ত লাউডোবাৰ বিশিষ্ট সমাজসেৱক গোপাল বিশ্বাসে ভড়াল স্থাপন, ৰাস উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি চিত্তৰঞ্জন ঠাকুৰীয়াই গছপুলি ৰোপন পৰ্ব, সমিতিৰ উপসভাপতি দিলিপ কুমাৰ ঠাকুৰীয়াই স্মৃতি তৰ্পন আদি কাৰ্যসূচীসমূহ পৰ্যায়ক্ৰমে ৰূপায়ন কৰে। একেদৰে ৰাস মহোৎসৱ উপলক্ষে জলসিঞ্চন বিভাগৰ অবসৰপ্ৰাপ্ত সহঃ অভিযন্তা অনন্ত গোস্বামীয়ে প্ৰতিমা স্থাপনৰ অন্তত হেকৰা ৰাসৰ আনুষ্ঠানিক শুভাৰম্ভ হয়। স্মৰ্ত্তব্য যে এইবাৰৰ হেকৰা ৰাস নদিনীয়া কাৰ্যসূচীৰে আয়োজনৰ দিহা কৰা হৈছে। প্ৰতিটো সন্ধিয়া নৃত্য-গীতকে আদি কৰি ১৭ নৱেম্বৰৰ সন্ধিয়া কলিকতাৰ আমন্ত্ৰিত কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই হেকৰা ৰাসৰ সাংস্কৃতিক মঞ্চত গীত পৰিবেশন কৰিব। ৰাসৰ প্ৰতিটো কাৰ্যসূচীতেই উদযাপন সমিতিয়ে ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like