নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি মাজুলীৰ ছখন ৰংগমঞ্চত আজিৰে পৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰ : সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ নামনি অংশত এইবাৰ ৬খন ৰঙ্গমঞ্চত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰিছে। নামনি মাজুলীৰ বালিচাপৰি মিলিত কৃষ্টি সংঘ, গোৱালগাঁও তৰুণ নাট্য সমাজ, বৰগঞা-কাকৰিকটাৰ খাৰজানপাৰ মিলিত কৃষ্টি সংঘ, চিলাকলা লোহিত পৰীয়া কৃষ্টি সংঘ, চেলেক-নলদোৱাৰ সাংস্কৃতিক কেন্দ্ৰ আৰু কৰতিপাৰ মিলন নাট্য সংঘত উক্ত শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰা হ’ব। আজিৰে পৰা ১৭ নৱেম্বৰলৈ নামনি মাজুলীৰ ঐতিহ্যমণ্ডিত এই ছখন ৰঙ্গমঞ্চত শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত হ’ব। উক্ত ৰাসলীলাৰ বাবে নামনি মাজুলীত ব্যাপক উচাহ পৰিলক্ষিত হৈছে। প্ৰতিখন ৰাস উদযাপন সমিতিৰ নেতৃত্বত মধ্য ৰাতিলৈকে ৰাসৰ আখৰা শেষ কৰি আজিৰ পৰা মঞ্চস্থ কৰিবলৈ সাজু শিল্পী আৰু কলাকুশলীসকল। প্ৰতিটো ৰঙ্গমঞ্চত শ শ শিল্পীয়ে দিনে ৰাতিয়ে ৰাসলীলাৰ আখৰা সামৰি প্ৰতিটো মঞ্চই প্ৰায় পাঁচ শতাধিক কৈ মাটিৰ চাকি প্ৰজ্বলন কৰি নামনি মাজুলীত এতিয়া উৎসৱমূখৰ পৰিৱেশ।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like