নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিগিং : ৰিটাৰ্নিং বিষয়াক অভিযোগ চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিলৰ

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে সমষ্টিটোৰ ৩৩টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং হোৱা বুলি অভিযোগ উত্থাপন কৰি ৰিটাৰ্ণিং বিষয়াক লিখিত অভিযোগ দাখিল কৰে। শাসকীয় দল বিজেপিৰ বিৰুদ্ধে ব্যপক ৰিগিঙৰ অভিযোগ উত্থাপন কৰি চামগুৰি সমষ্টিৰ ৩৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰো দাবী জনায় কংগ্ৰেছ প্ৰাৰ্থীজনে। কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ বিধায়কৰ নেতৃত্বত ৰিগিং হোৱা বুলি অভিযোগ উত্থাপন কৰে। মগুৰি সমষ্টিৰ উপ নিৰ্বাচনত ৰিগিং হোৱা বুলি ৰিটাৰ্ণিং বিষয়াক প্ৰদান কৰা লিখিত অভিযোগৰ প্ৰতিলিপি দিল্লীৰ মূখ্য নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰা বুলি কংগ্ৰেছ প্ৰাৰ্থীজনে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে। কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে বৃহস্পতিবাৰে ৩৩টা ভোটকেন্দ্ৰত ৰিগিং হোৱা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পাছত বিজেপি দলে এই বিষয়ে কি মন্তব্য কৰে সেয়াও হ’ব লক্ষণীয়। উল্লেখযোগ্য যে সাংসদ তথা চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত ১৬টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ কৰিছিল। অভিযোগ পত্ৰ প্ৰেৰণৰ পিছত সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে কয় যে অকল ৰিগিং কৰাই নহয় বিজেপিৰ একাংশ নেতাই ভোটগ্ৰহন কেন্দ্ৰত কংগ্ৰেছৰ নিৰ্বাচনী এজেন্টক মাৰপিট পৰ্যন্ত কৰাৰ পিছতো আৰক্ষী তথা নিৰ্বাচনী দায়িত্বত থকা বিষয়া সকলে নীৰৱ ভুমিকা গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনী কামত নিয়োজিত একাংশ আৰক্ষী আৰু প্ৰশাসনিক বিষয়াই পক্ষপাতমুলক আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি হুছেইনে লগতে কয় যে নগাঁৱৰ আৰক্ষী অধীক্ষকেতো তেওঁৰ পিতৃ ৰকিবুল হুছেইনৰ মবাইল নম্বৰটোৱেই ব্লক কৰি থৈছে। আনকি নগাঁও জিলা আয়ুক্ত‌ৰ প্ৰতিও সম্পূৰ্ণ আস্থা হেৰুৱাইছোঁ। যাৰ বাবে ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছে বুলিও মন্তব্য কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like