নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ বেদখলকাৰীৰ কবলত নগৰবেৰাৰ নাইটৰ সংৰক্ষিত বনাঞ্চল

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ পশ্চিম কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ এলেকাধীন বৃহত্তৰ নাইটৰ খোলা ৰিজাৰ্ভ অঞ্চলৰ সামাজিক বনানীকৰণৰ সংৰক্ষিত বনাঞ্চল এলেকা শেহতীয়াকৈ অবৈধ বেদখলকাৰীৰ কৱলত পৰিছে৷ দিনকদিনে সংৰক্ষিত বনাঞ্চলৰ ভালেমান এলেকা অবৈধ ভাবে বেদখল কৰি বনাঞ্চল ধ্বংস কৰা পৰিলক্ষিত হৈছে৷ এসময়ত শাল, চেগুন, একাচিয়া, আদিকে ধৰি বিভিন্ন প্রজাতিৰ মূল্যবান গছ-গছনি পর্যাপ্ত পরিমাণে পোৱা গৈছিল৷ বিভিন্ন ধৰণৰ নামী-দামী গছ গছনিৰে ভৰপূৰ বনাঞ্চল খন দিনক দিনে গছ বোৰ চকুৰ আগৰ পৰা নোহোৱা হোৱাত সংকুচিত হ’ব ধৰিছে বনাঞ্চল। অঞ্চলটোৰ দাঁতিকাষৰীয়া একাংশ চোৰাং কাঠ মাফিয়া চক্ৰই নিশাৰ এন্ধাৰৰ সুযোগত সেই সম্পদসমূহ চোৰাং ভাবে কাটি বনাঞ্চল টকলা কৰাৰ লগতে বিভিন্ন বেচৰকাৰী অনুষ্ঠানৰ নাম মাত্ৰ ফলক লগাই বিভিন্ন কৌশল অৱলম্বন কৰি বেদখল কৰাৰ ফন্দি তৈয়াৰ কৰিছে ৷ একাংশ লোকে সংৰক্ষিত বনাঞ্চলৰ এলেকাত অস্হায়ী পাম ঘৰ সাজি বিভিন্ন ধবণৰ পাচলি খেতি আদি কৰাৰ লগতে ধানৰ কঠিয়া, দ’ পুখুৰী সদৃশ খাল বিলত মাছ এৰি দি নিজৰ দখললৈ নি বনাঞ্চলৰ লগতে নাইটৰ খোলা ৰিজাৰ্ভ অঞ্চলৰ কিছু কিছু অংশ বেদখলকাৰীয়ে অবৈধ বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইপিনে বনাঞ্চলত দিনক দিনে গছ সমূহ কাটি খাস্তাং কৰাৰ লগতে অবৈধ বেদখল কৰাত সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শীঘ্ৰে বন বিভাগে এই ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ লগতে এনে প্ৰকৃতি ধ্বংস কৰা দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ দাবী জনাইছে সচেতন মহলে৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like