নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০টি শিশুৰ প্ৰাণহানি, অগ্নিকাণ্ডৰ ফলত আইচিইউত কৰুণ ঘটনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ নৱেম্বৰঃ ঝান্সী চিকিৎসালয়ত পোহৰলৈ আহিছে গাফিলতি। য’ত জুই নিৰ্বাপণৰ পৰ্যাপ্ত ব্যৱস্থাও নাছিল। আনকি অগ্নিনিৰ্বাপক চিলিণ্ডাৰেও কাম কৰা নাছিল। চিকিৎসালয়খনৰ কেঁচুৱা ৱাৰ্ডত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত তাত ৪৯টা শিশু ভৰ্তি হৈ আছিল, ইয়াৰে ৩৯টি শিশু ৰক্ষা কৰাৰ বিপৰীতে জুইত জ্বলি যোৱাৰ ফলত দহটা শিশুৰ মৃত্যু হয়। ইয়াৰে ১৬টা শিশু আহত হোৱা বুলি জানিব পৰা গৈছে আৰু চিকিৎসাধীন হৈ আছে। অক্সিজেন কনচেণ্ট্ৰেটৰত স্পাৰ্কিঙৰ ফলত হোৱা অগ্নিকাণ্ডই এন আই চি ইউক আগুৰি ধৰে। মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰু আহতৰ পৰিয়াললৈ ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আদিত্যনাথ যোগীয়ে। শুকুৰবাৰে নিশা মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ত নিৰ্মিত এন আই চি ইউত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডই ১০টি শিশুৰ প্ৰাণকাঢ়ে। ইয়াৰে এই পৰ্যন্ত ৬টা শিশু চিনাক্ত হোৱাৰ বিপৰীতে ৪টা শিশু চিনাক্ত হোৱা নাই।

You might also like