টি–২০ ক্রিকেটত এটা ইনিংছত দুটাকৈ শতক অর্জন
🔹 শতৰানেৰে অভিলেখ ভাৰতৰ সঞ্জু–তিলকৰ
নিউজ ডেস্ক, ১৬ নৱেম্বৰ : টি–২০ ক্রিকেটৰ ইতিহাসত নতুন নজিৰ গঢ়িলে টীম ইণ্ডিয়াৰ দুই বেটাৰ সঞ্জু ছেমছন আৰু তিলক বার্মাই৷ দক্ষিণ আফ্রিকাৰ বিপক্ষে কালি অনুষ্ঠিত চতুর্থ তথা অন্তিমখন টি–২০ত সঞ্জু আৰু তিলকে শতক অর্জন কৰে আৰু টি–২০ ক্রিকেটত এটা ইনিংছত প্রথমবাৰৰ বাবে দুটাকৈ শতক অর্জন কৰাৰ নজিৰ গঢ়ে টীম ইণ্ডিয়াই৷ ৫১টা বলত শতক অর্জন কৰা সঞ্জুৱে ১০৯ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ৪১টা বলত শতৰান কৰা তিলকে ১২০ ৰান কৰি নট আউট হৈ থাকে৷ ভাৰতে নির্ধাৰিত ২০ অভাৰত ১ উইকেটত ২৮৩ ৰান সংগ্রহ কৰে৷ টি–২০ত ভাৰতৰ এয়া আছিল দ্বিতীয় সর্বাধিক ৰান৷ ইফালে, তিলক বার্মাই ক্রমাগত দ্বিতীয়টো শতক অর্জন কৰি সতীর্থ সঞ্জু ছেমছনৰ অভিলেখটো স্পর্শ কৰে৷ উল্লেখ্য যে সঞ্জুৱে ভাৰতৰ প্রথমগৰাকী বেটাৰ হিচাপে টি–২০ত ক্রমাগত দুটা শতক অর্জন কৰিছিল৷