নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেয়সীৰ পাণিগ্রহণৰ বাবে তিতাবৰৰ ৰজাবাহৰত উপস্থিত হ’লহি নাইজেৰিয়াৰ দৰা

নিয়মীয়া বার্তা, ১১ মাৰ্চঃ প্রেমে নামানে উচ্চ–নীচ, ধনী–দুখীয়া, দূৰত্বৰ প্রাচীৰ, বয়সৰ সীমনা ৷ প্রেমে জানে মাথোঁ প্রেমৰ ঠিকনা ৷ ইণ্টাৰনেট পৃথিৱীৰ অনলাইন প্রেমক যাউতিযুগীয়া কৰি ৰাখিবলৈ প্রেয়সীক বিচাৰি নাইজেৰিয়ান প্রেমিক ডিৱেষ্ট জ’ন আহি উপস্থিত হ’ল তিতাবৰৰ ৰবজাবাহৰ বৰফুকনখাট গাঁৱত ৷ কইনা হ’ল স্বর্গীয় দীননাথ চুতীয়া আৰু ভোগেশ্বৰী চুতীয়াৰ দুহিতা সবিতা (গোমতি) বৰা৷ অহা ১১ মার্চত সম্পূর্ণ হিন্দু প্রথাৰে অনুষ্ঠিত হ’ব দুয়োৰে বিবাহ ৷ খ্রীষ্টান ধর্মাৱলম্বী ডিৱেষ্ট জ’নক ব্রাহ্মণৰ হতুৱাই পৰাচিত কৰা হৈছে ৷ এইজন বিদেশী দৰাই হিন্দু ধর্ম গ্রহণ কৰি সোমবাৰে শৰণ লোৱাৰ কথা আছিল মাজুলীৰ শ্রীশ্রীআউনীআটী সত্রৰ সত্রাধিকাৰ প্রভুৰ ওচৰত ৷ ইতিমধ্যে দৰা আহি বাহৰ পাতিছে স্থানীয় ভুলিকিচুক গাঁৱৰ প্রহ্লাদ হাজৰিকাৰ ঘৰত ৷ দৰাৰ ঘৰৰ আত্মীয়–স্বজন বিয়াৰ দিনা আহি ৰজাবাহৰত উপস্থিত হ’ব ৷ বর্তমান দৰা আৰু কইনাৰ ঘৰত বিবাহৰ প্রস্তুতি তুংগত ৷ দৰা–কইনাৰ চোতালত বিয়াৰ পেণ্ডেল নির্মাণ, আলহী নিমন্ত্রণ সকলো পূর্ণগতিত চলিছে ৷ অঞ্চলটোৰ সকলো ৰাইজে বিয়াখনৰ বাবে অধীৰ হেঁপাহেৰে বাট চাইছে ৷ উল্লেখ্য যে তিনি বছৰ পূর্বৰে পৰা প্রেমপাশত আবদ্ধ আছিল ডিৱেষ্ট জ’ন আৰু সবিতা বৰা ৷ প্রেমিক ডিৱেষ্ট আন্তঃৰাষ্ট্রীয় কোম্পানীৰ চাকৰি সূত্রে দিল্লীত থাকে ৷ কইনা সবিতা বৰা কর্মসূত্রে গুৱাহাটীত থাকোঁতে চিনাকি বন্ধুৰ যোগেদি দুয়ো ইজনে–সিজনৰ প্রেমত পৰিছিল ৷ বুধবাৰে আনুষ্ঠানিক ৰীতি–নীতি মতে দুয়োৰে বিবাহ কার্য সম্পন্ন হ’ব ৷

You might also like