জলজলী নৈৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ লেচীৰ
নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ : বৰপেটা আৰু কামৰূপ জিলাৰ মাজৰচৰ-নগৰবেৰা পাৰঘাটত জলজলী নৈৰ ওপৰত লেচী আবুল বাসাৰ আনছাৰীয়ে বৃহৎ বাহঁৰ দলং নিৰ্মাণ কৰাত যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ সুবিধা হৈছে। উল্লেখ্য যে পূৰ্বে ৰাইজৰ লগতে চৰাঞ্চলৰ শাক পাচলি উৎপাদন কৰা কৃষক সকলে নিজৰ উৎপাদিত পাক পাচলি সমূহ নগৰবেৰা বজাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। মূৰৰ ঘাম মাটিত পেলাই চাইকেল ঠেলি ঠেলি নিজৰ উৎপাদন কৰা সামগ্ৰীসমূহ নাওৰে পাৰ কৰিব লগা হৈছিল যদিও পাৰঘাটৰ লেচী গৰাকীয়ে জলজলী নৈৰ ওপৰত সম্প্ৰতি বাহঁৰ দলং নিৰ্মাণ কৰাত যাতায়ত কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হোৱাৰ উপৰিও সময়ো যথেষ্ট পৰিমাণে কম খৰছ হোৱাত ৰাইজ উৎফুল্লিত হৈ পৰিছে। নাওৰে জলজলী নৈ পাৰ হোৱাৰ ক্ষেত্ৰত পূৰ্বে যথেষ্ট সময় লাগিছিল লগতে ঘন্টাৰ পৰ ঘন্টা নাওঁৰ বাবে যাত্ৰী সকলে অপেক্ষা কৰি থাকিব লাগিছিল যদিও ৰাইজে ভাড়া দি পাৰাপাৰ হলেও সেই কষ্টৰ পৰা ৰাইজ সম্প্ৰতি সাময়িক ভাৱে সকাহ লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। সংশ্লিষ্ট নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বছৰ বছৰ ধৰি আবেদন নিবেদন কৰি আহিলেও ৰাইজৰ এনে দাবীৰ প্ৰতি চৰকাৰে বিগত সময়চোৱাত কোনো ধৰণৰ গুৰুত্বাৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শীঘ্ৰে নগৰবেৰা মাজৰচৰ পাৰঘাটত জলজলী নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ বিশেষভাৱে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে অঞ্চলবাসীয়ে। ৰাইজৰ এনে দাবীৰ প্ৰতি চৰকাৰে কেনে ধৰণৰ গুৰুত্বাৰোপ কৰে সেয়া হব লক্ষণীয়।
প্ৰেৰক ৰবিউল হুছেইন