নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ অশান্ত মণিপুৰ

পুনৰ বর্ণনাতীতভাৱে অশান্ত–অস্থিৰ হৈ পৰিছে মণিপুৰ৷ ১৭ মাহ ধৰি গোষ্ঠী সংঘাতত দগ্ধ ৰাজ্যখনত শেহতীয়াকৈ গোষ্ঠীবিদ্বেষে নতুন উচ্চতাত আৰোহণ কৰিছে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ ৰাজ্য চৰকাৰে সমগ্র ইম্ফল উপত্যকাত সান্ধ্য আইন জাৰি কৰিবলগীয়া হৈছে৷ ইণ্টাৰনেট সেৱা কর্তন কৰিবলগীয়া হৈছে৷ জনসাধাৰণৰ মাজত বিশ্বাস, আস্থা আৰু নিৰাপত্তাৰ পৰিৱেশ পুনৰ সৃষ্টি কৰিবলৈ সেনা মোতায়েন কৰা হৈছে৷ অসম ৰাইফলছ, চিআৰপিএফ, বিএছফ আছেই৷ তথাপি ৰাজ্যখনে শান্ত হোৱাৰ নাম লোৱা নাই৷ ৰাজপথলৈ ওলাই অহা প্রতিবাদী জনতাই নিজেই আইন হাতত তুলি লৈ সংহাৰত নামি পৰিছে৷ আক্রমণ কৰিছে মন্ত্রী–বিধায়কৰ ঘৰ৷ জনৰোষৰ পৰা আনকি ৰাজ্যখনৰ মুখ্যমন্ত্রী এন বীৰেন সিঙো হাত সাৰি যোৱা নাই৷ ১৬ নৱেম্বৰৰ ভয়ানক প্রতিবাদৰ নিশাটোত উন্মত্ত জনতাই মন্ত্রী–বিধায়কৰ লগতে এন বীৰেন সিঙৰ বাসগৃহও আক্রমণৰ লক্ষ্য কৰি লয়৷ প্রতিবাদী জনতাই মুখ্যমন্ত্রীগৰাকীৰ ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্রৱেশ কৰাৰ চেষ্টা চলাইছিল৷ আৰক্ষী–নিৰাপত্তা বাহিনীয়ে শক্তি প্রয়োগ কৰি সেই চেষ্টা প্রতিহত কৰে৷ গণ বিদ্রোহৰ সময়ছোৱাত মুখ্যমন্ত্রী সিং ঘৰত নাছিল৷ মণিপুৰত শেহতীয়াকৈ উদ্ভৱ হোৱা অধিক উত্তেজনা, হিংসা আৰু উগ্র প্রতিবাদৰ সূত্রপাত ঘটে দুদিনমান পূর্বে জিৰিবাম জিলাত চিআৰপিএফ আৰু কুকি বিদ্রোহীৰ মাজত সংঘটিত শিহৰণকাৰী গুলীয়াগুলীৰ পিছৰে পৰা৷ সংঘর্ষটোত ১০জন কুকি উগ্রপন্থী নিহত হয়৷ স্থানীয় ৰাইজৰ মতে, সংঘর্ষত নিহত হোৱা বুলি চিআৰপিএফে কৰা দাবী সত্যৰ আধাৰত প্রতিষ্ঠিত নহয়৷ কেউজন যুৱক নিৰীহ আৰু স্বেচ্ছাসেৱকহে৷ ৰাজ্যখনৰ কুকি সম্প্রদায়ৰ লোক তাকে লৈ প্রতিবাদমুখৰ হৈ পৰে৷ প্রতিবাদৰ অগনিয়ে অসমকো স্পর্শ কৰে৷ নিহত যুৱককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনাৰ সময়ত ১৬ নৱেম্বৰত একাংশ কুকি আৰু মাৰ জনজাতীয় লোকে মৃতদেহকেইটা নিজৰ জিম্মাত বিচাৰি জংগী প্রতিবাদেৰে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে৷ আৰক্ষীয়ে উত্তেজিত লোকসকলক ছত্রভংগ দিয়াবলৈ লাঠীচালনা কৰিবলগীয়া হয়৷ জিৰিবাম জিলাত সংঘটিত কুকি বিদ্রোহী নিহতৰ ঘটনাটোৰ পিছতে জিলাখনত আন এটা ভয়ংকৰ হিংসাত্মক ঘটনা ঘটে৷ সন্দেহজনক কুকি বিদ্রোহীয়ে এটা মেইটেই পৰিয়ালৰ ছজন সদস্যক অপহৰণ কৰি লৈ যায়৷ অপহূত ছজনৰ তিনিটা শিশু আৰু তিনিগৰাকী মহিলা৷ ১৫ আৰু ১৬ নৱেম্বৰত অপহূত ছজনৰ তিনিটাকৈ মৃতদেহ উদ্ধাৰ হয়৷ ঘটনাটোৰ প্রতিবাদ আৰু দোষীক ২৪ ঘণ্টাৰ ভিতৰত আটকৰ দাবীত এইবাৰ মেইটেই সম্প্রদায়ৰ লোক জাগি উঠে৷ গণ প্রতিবাদত ৰাজধানী ইম্ফল জ্বলি উঠে৷ পৰিস্থিতিৰ ভয়াৱহতা দেখি চৰকাৰে সান্ধ্য আইন জাৰি কৰিবলগীয়া হয়৷ ইণ্টাৰনেট সেৱা বাতিল কৰি দিয়ে৷ তথাপি ৰাজ্যখন শান্ত হোৱা নাই৷ লক্ষণীয় কথাটো হৈছে, প্রায় ১৭ মাহ ধৰি গোষ্ঠী সংঘর্ষৰ দাবানলে ছানি ধৰি থকা অশান্ত ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ অদ্যাপি সংশ্লিষ্ট ৰাজ্যখনৰ চৰকাৰ অথবা কেন্দ্রীয় চৰকাৰ সফল হোৱা নাই৷ দেশৰ এখন ৰাজ্য দিনৰ পিছত দিন ধৰি পাৰস্পৰিক বিদ্বেষ, ঘৃণা, অবিশ্বাস আৰু হিংসাৰ জুইত জ্বলি আছে, কিন্তু চৰকাৰ যেন দর্শক হৈ আছে৷ হিংসাত লিপ্ত জনগোষ্ঠীকেইটাৰ মাজত আস্থা আৰু বিশ্বাসৰ পৰিৱেশ পুনৰ গঢ়িবলৈ যি ধৰণে প্রয়াস চলিব লাগিছিল, সেয়া কার্যত: পৰিলক্ষিত হোৱা নাই৷ উগ্রপন্থীৰ আক্রমণ, সাধাৰণ লোকৰ মৃত্যু সাধাৰণ ঘটনা হৈয়েই আছে৷
মণিপুৰত গোষ্ঠী সংঘাত, হিংসা–অগ্নিকাণ্ডৰ বিৰামহীন ঘটনাপ্রৱাহৰ আৰম্ভণি হয় বিগত বর্ষৰ মে’ৰ পৰা৷ কাৰণটো আছিল ভৈয়ামত বাস কৰা মেইটেইসকলক পাহাৰত ভূমিৰ অধিকাৰ প্রদান কৰা৷ মেইটেইসকলে দীর্ঘদিন ধৰি অনুসূচিত জনজাতিৰ মর্যাদা দাবী কৰি আহিছিল, যাতে পাহাৰত মাটি ক্রয়, বাসস্থান নির্মাণৰ অধিকাৰ লাভ কৰে৷ তদুপৰি ইয়াৰ জৰিয়তে মেইটেইসকলে চাকৰিত সংৰক্ষণৰো সুবিধা পালেহেঁতেন৷ অকল সেয়াই নহয়, মেইটেইৰ অনুসূচিত জনজাতিকৰণে ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণো অধিক সলনি কৰি দিয়াৰ পথ প্রশস্ত কৰিলেহেঁতেন৷ মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইসকলৰ দাবী পূৰণৰ সপক্ষে ৰাজ্যখনৰ চৰকাৰক সেউজ সংকেত দিয়াত পাহাৰত বসবাস কৰা কুকি আৰু জো জনজাতীয় লোকসকল প্রতিবাদমুখৰ হৈ পৰে৷ আৱেগ–অধিকাৰ জড়িত বিষয়টোত জঁপিয়াই পৰি নিজৰ নিজৰ জনগোষ্ঠীৰ মাজত গণভিত্তি সবল কৰাৰ উদ্দেশ্যে উগ্রপন্থী সংগঠনসমূহো গোষ্ঠী সংঘাতত নামি পৰে৷ কম সময়ৰ ভিতৰতে ৰাজ্যখনৰ পৰিস্থিতি ভয়ংকৰ আৰু জটিল হৈ পৰে৷ ইয়াৰ ফলশ্রুতিত আজিও অব্যাহত থকা হিংসাৰ ধাৰাবাহিকতাত কমেও আঢ়ৈশ লোকে প্রাণ হেৰুৱাবলগীয়া হয়৷ প্রায় ৬০,০০০ পৰিয়াল গৃহহীন হৈ পৰে৷ শিক্ষা–দীক্ষা, বাণিজ্য, অর্থনীতি আদিত এনেদৰে বিৰূপ প্রভাৱ পৰে যে ৰাজ্যখনে সেই ক্ষতি পূৰণ কৰিবলৈ পৰৱর্তী ৫০ বছৰ নির্মল শান্তিপূর্ণ সময় এছোৱা পাব লাগিব৷ প্রসংগক্রমে উল্লেখ কৰা ভাল হ’ব যে ৰাজ্যখনত গোষ্ঠীদ্বন্দ্ব আৰম্ভ হৈছিল ভূ–ৰাজনৈতিক অধিকাৰক লৈ৷ পিছলৈ ইয়াত ধর্মীয় ভিত্তি এটাও যুক্ত হৈ পৰে৷ শেহতীয়াকৈ সমগ্র ঘটনাৱলীত ভাৰতবিৰোধী চক্রান্ত এটাৰো উমান পোৱা গৈছে৷ এইটো অতিকৈ উদ্বেগৰ কাৰণ৷ ইয়াৰ সৈতে চীন, পাকিস্তানেই নহয়, নাম জড়িত হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপীয় দেশৰ দৰে পশ্চিমীয়া শক্তিও৷ আনকি ভাৰতৰ পৰম মিত্র ইজৰাইলৰো নামো উচ্চাৰণ হৈছে৷ চক্রান্তটো শক্তিশালী হৈ পৰিছে বাংলাদেশত ৰাজনৈতিক পট পৰিৱর্তনৰ পিছৰে পৰা৷ পশ্চিমীয়া শক্তিয়ে বিচাৰে দক্ষিণ–পূব এছিয়াৰ এই অংশটোত এখন খ্রীষ্টান ৰাষ্ট্র গঢ় লৈ উঠক৷ ৰাষ্ট্রখনৰ মানচিত্রত ভাৰতৰ সাতভনী সংযুক্ত হৈ পৰক৷ লগতে থাকক বাংলাদেশৰ পাহাৰীয়া জনজাতীয় বাসিন্দাৰ চট্টগ্রাম অঞ্চল, ম্যানমাৰৰ চীন প্রদেশ৷ সৰল অর্থত ক’বলৈ গ’লে, শিলিগুৰি কৰিড’ৰ অথবা চিকেন নেকৰ সৈতে ভাৰতৰ বাকী অংশ বিচ্ছিন্ন কৰি উত্তৰ–পূব ভাৰতৰ ৰাজ্যকেইখন, উত্তৰবংগ, বাংলাদেশৰ চট্টগ্রাম পার্বত্য অঞ্চল আৰু ম্যানমাৰৰ চীন প্রদেশক মিলাই এই অঞ্চলটোত এখন খ্রীষ্টান ৰাষ্ট্র গঠন কৰিব লাগে, যাতে দক্ষিণ–পূব এছিয়াৰ লগতে এছিয়াৰ গুৰুত্বপূর্ণ অঞ্চলটোত এখন বহতীয়া ৰাষ্ট্র পশ্চিমীয়া দেশসমূহে লাভ কৰে৷ ইয়াত এখন বহতীয়া ৰাষ্ট্র গঠন হ’লে অঞ্চলটোৰ ভৌগোলিক অৱস্থানে পশ্চিমীয়া ৰাষ্ট্রসমূহক অকল্পনীয় সুবিধা প্রদান কৰিব৷ ভাৰতবর্ষ দুর্বল হৈ পৰিব৷ ইয়াত চীন, পাকিস্তান, আমেৰিকাসহ আন আন ৰাষ্ট্রৰ ভিন্ন ধৰণে স্বার্থ পূৰণ হ’ব৷ কুকিসসকলে নিজকে ইহুদিৰ এটা হেৰাই যোৱা জনজাতি বুলি দাবী কৰে৷ স্বগোষ্ঠীৰ প্রতি ইজৰাইলৰ টান বিশ্বই জানে৷ সাতে পাঁচে মিলি বিশ্বৰ বহু শক্তিধৰ ৰাষ্ট্রৰ কামনা- দক্ষিণ–পূব এছিয়াৰ এই অংশটোত এখন খ্রীষ্টান ৰাষ্ট্র গঠন হওক৷ এই উমান পায়েই কেন্দ্রীয় চৰকাৰে মণিপুৰৰ ঘটনালানিৰ বিশেষভাৱে তদন্তত গুৰুত্ব দি আহিছে৷ হিংসাত লিপ্ত উগ্রপন্থীয়ে ব্যৱহাৰ কৰা অত্যাধুনিক অস্ত্র–শস্ত্র. ড্রোন আদিয়েও ডাঙৰ শক্তি জড়িত হৈ থকাৰ ইংগিত বহন কৰিছে৷ এনে জটিল অৱস্থাত মণিপুৰলৈ কেতিয়া শান্তি উভতি আহে, সেয়া এতিয়াই ক’ব পৰা হৈ থকা নাই৷ কিন্তু ৰাজ্যখনক বছৰৰ পাছত বছৰ ধৰি জ্বলি থাকিবলৈ এৰি দিব নোৱাৰি৷ শান্তিক বাট এৰি দিবই লাগিব৷ এইখিনিতে দেশৰ ৰাজনৈতিক নেতৃত্বই বিচক্ষণতা প্রদর্শন কৰিব লাগিব৷ কূটনৈতিক প্রয়াসক শীর্ষত তুলি ধৰি লাগিব৷

You might also like