📌 সশস্ত্র উগ্রপন্থীৰ বিৰুদ্ধে দ্রুত পদক্ষেপ ল’বলৈ বীৰেন সিং চৰকাৰক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে মেইটেই সম্প্রদায়ে
📌 মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্রীয় গৃহমন্ত্রী
📌 মহাৰাষ্ট্রত নির্বাচনী প্রচাৰ বাতিল কৰি দিল্লীলৈ উভতিল অমিত শ্বাহ
📌 মণিপুৰৰ বিজেপি চৰকাৰৰ পৰা সমর্থন প্রত্যাহাৰ কনৰাড চাংমাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ নৱেম্বৰঃ অশান্ত মণিপুৰৰ পৰিস্থিতি অনিয়ন্ত্রিত হৈ পৰিছে৷ বাৰে বাৰে ব্যর্থ হৈছে কেন্দ্রীয় তথা ৰাজ্য চৰকাৰৰ প্রচেষ্টা৷ শেহতীয়াকৈ পুনৰ বিক্ষোভৰ জুইত জ্বলিছে অশান্ত ৰাজ্যখন৷ আজি পুনৰ এগৰাকী মহিলাৰ মৃতদেহ নদীত উটি অহা দেখিবলৈ পায় স্থানীয় লোকসকলে৷ ইয়াক লৈ নতুনকৈ উত্তেজনা বিয়পি পৰিছে মণিপুৰৰ জিৰিবাম জিলাত৷ ইয়াৰ পূর্বে দুদিনত ৬জনৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ কিন্তু এতিয়াও এই মৃতদেহবোৰ চিনাক্ত কৰিব পৰা হোৱা নাই৷ ৬গৰাকীক অপহৰণ আৰু হত্যাৰ বিচাৰৰ দাবী কৰি ৰাজ্যখনত প্রতিবাদ তুংগত উঠিছে৷ কালি নিশা এই বিক্ষোভৰ জুই জ্বলে মুখ্যমন্ত্রীৰ বাসভৱনৰ সন্মুখত৷ অভিযোগ অনুসৰি ৰাজ্যখনৰ দুগৰাকী মন্ত্রী আৰু দুগৰাকী বিধায়কৰ বাসভৱনত তাণ্ডৱ চলায় প্রতিবাদী জনতাই৷ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ প্রয়োগ কৰি কোনোমতে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ এনে পৰিস্থিতিত পুনৰ মণিপুৰ চৰকাৰক সকীয়নি বার্তা দিছে মেইটেই সম্প্রদায়ে৷ সশস্ত্র উগ্রপন্থীসকলৰ বিৰুদ্ধে দ্রুত পদক্ষেপ গ্রহণ কৰিব নোৱাৰিলে পৰিস্থিতি ভয়াৱহ হ’ব বুলি এন বীৰেন সিঙৰ চৰকাৰক ভাবুকি দিছে মেইটেই সম্প্রদায়ে৷ উগ্রপন্থীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ বীৰেন সিঙৰ চৰকাৰক ২৪ ঘণ্টাৰ সময় বান্ধিও দিছে মেইটেইসকলে৷ বিগত কেইবাদিনো ধৰি নতুনকৈ উত্তপ্ত হৈ পৰিছে মণিপুৰ৷ জিৰিবাম, পশ্চিম ইম্ফল, বিষ্ণুপুৰসহ একাধিক জিলাত সংঘর্ষৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এইবাৰ পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ ৬খন থানাৰ অধীনস্থ অঞ্চলত নতুনকৈ সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন (আফ্স্পা) প্রয়োগ কৰিছে কেন্দ্রীয় চৰকাৰে৷ স্মর্তব্য যে যোৱা মাহৰ আৰম্ভণিতে মণিপুৰত ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছিল আফ্স্পাৰ ম্যাদ৷ কিন্তু কালিৰ পৰা আফ্স্পা প্রত্যাহাৰৰ দাবী তীব্রতৰ হৈছে ৰাজ্যখনত৷ আনকি মণিপুৰ চৰকাৰেও আফ্স্পা প্রত্যাহাৰৰ বাবে কেন্দ্রলৈ পত্র প্রেৰণ কৰিছে৷ ৰাজ্যখনত কুকি উগ্রপন্থী আৰু চিআৰপিএফ জোৱানৰ মাজত কেইদিনমান পূর্বে সৃষ্টি হৈছিল সংঘর্ষ৷ সেই সময়ত ১০জন কুকি উগ্রপন্থী নিহত হৈছিল৷ কুকি সম্প্রদায়ে দাবী কৰা অনুসৰি এই ১০জন গাঁৱৰ স্বেচ্ছাসেৱীহে আছিল৷ লক্ষণীয় যে সেই সময়ছোৱাতে ৩গৰাকী আৰু ৩টি শিশুক অপহৰণ কৰিছিল উগ্রপন্থীয়ে৷ পৰহি অসম–মণিপুৰ সীমাৰ জিৰি নদীত ৩টা মৃতদেহ উটি আহে৷ কালি পুনৰ ৩টা মৃতদেহ নদীত উটি অহা দেখিবলৈ পোৱা যায়৷ ইয়াৰ পিছতে উত্তাল হৈ পৰে ৰাজ্যখন৷ ইফালে মেইটেই সম্প্রদায়ৰ বিক্ষোভত মণিপুৰৰ ইম্ফল উপত্যকা উত্তপ্ত হৈ পৰা সময়তে মহাৰাষ্ট্রত নির্বাচনী প্রচাৰৰ কার্যসূচী বাতিল কৰি আজি দিল্লীলৈ উভতি আহিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ কালি নিশাৰে পৰা মণিপুৰত চলি থকা এই পৰিস্থিতিৰ বাবে কেন্দ্রীয় চৰকাৰৰ উদ্বেগ বৃদ্ধি পাইছে যে সেয়া গৃহমন্ত্রী শ্বাহৰ দিল্লীলৈ প্রত্যাৱর্তনৰ বিষয়টোৱে স্পষ্ট কৰি দিছে৷ অৱশ্যে এই বাতৰি যুগুতোৱা পৰলৈ কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ তৰফৰ পৰা কোনো বিবৃতি প্রকাশ কৰা নাই৷ স্মর্তব্য যে যোৱা ২৪ ঘণ্টাৰ ভিতৰত মণিপুৰৰ সংঘর্ষ তথা বিক্ষোভত জড়িত ২৩জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ইফালে এই পৰিস্থিতিৰ মাজতে মণিপুৰৰ বিজেপি চৰকাৰৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে কনৰাড চাংমাৰ দল এনপিপিএ৷ মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীয়ে মণিপুৰ চৰকাৰক ৰাজ্যখনৰ উত্তপ্ত পৰিস্থিতিৰ বাবে দোষাৰোপ কৰিছে৷