নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত ৪০ বছৰৰ অন্তত প্রথমবাৰৰ বাবে জীৱন্ত ৰাসত বিমুগ্ধ দর্শক

ষ্টাফ ৰিপৰ্টাৰ, দৰং, ১৭ নৱেম্বৰ : শান্তক পালন আৰু দুষ্টক দমন নীতিৰে ভাগৱত বৰ্ণিত কাহিনীৰ আধাৰত দৰঙৰ প্ৰান্তে প্ৰান্তে আয়োজিত ৰাসোৎসৱত শ্ৰীকৃষ্ণ ভক্তিত বিলীন হৈ পৰিছে দৰঙৰ ৰাইজ। ইতিমধ্যে জিলা খনৰ সবাতোকৈ পুৰণি ১৯৫৫ চনতে আৰম্ভ কৰা দীঘিৰপাৰৰ ৭০ সংখ্যক ৰাসত জীৱন্ত ৰাসলীলাৰ প্ৰদৰ্শনে গঞা ৰাইজক নতুন সোৱাদ দিয়াই নহয় অন্য উদ্যোক্তা সকলকো আকৰ্ষিত কৰিছে। যাৰ বাবে বিগত ৪০ বছৰে মৃণ্ময় মূৰ্তিত বৈদ্যুতিক কৌশলৰে নতুনত্ব দি অহা ৪০ সংখ্যক মঙলদৈ ৰাসোৎসৱত এইবাৰ প্ৰথম বাৰৰ বাবে দুই শতাধিক গোপিনীৰে জীৱন্ত ৰাসৰ সূচনা কৰা হৈছে। বুঢ়া-নামখলা-ধূলাতো সময়ত যে জীৱন্ত ৰাসৰ অনুসৰণ কৰা নহব, সেয়া কোনেও ডাঠি কব নোৱাৰে। বুঢ়াত আয়োজিত ৰাসোৎসৱ হৈছে পশ্চিম দৰঙৰ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইতিমধ্যে, ১৪ নৱেম্বৰৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে ৩৩ সংখ্যক বুঢ়া আঞ্চলিক ৰাসোৎসৱ উদযাপন কৰা হৈছে। আয়োজক সমিতিৰ হৈ সভাপতি ডাঃ পংকজ ডেকা আৰু সম্পাদকদ্বয় অৰূপ কলিতা আৰু বনজিৎ কলিতাই সদৰি কৰা অনুসৰি, ছিপাঝাৰৰ বিধায়ক ডঃপৰমানন্দ ৰাজবংশীয়ে বুঢ়া আঞ্চলিক ৰাস মুকলি কৰাৰ পাছত প্ৰতিদিনে আয়তীৰ নাম, নাগাৰা নাম সহ সাংস্কৃতিক, আধ্যাত্মিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দৰং-ওডালগুৰি আৰু কামৰূপ গ্ৰাম্য জিলাৰ বৃহত্তৰ গঞা ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুঢ়াত নিতৌ হাজাৰ হাজাৰ ভক্তই ভীৰ কৰা পৰিলক্ষিত হৈছে। দৰঙৰ সংখ্যালঘু অধ্যুষিত এলেকা ধূলাতো এইবাৰ ৫ দিনীয়া কাৰ্যসূচীৰে ৭২ সংখ্যক ৰাসোৎসৱ উদযাপন কৰা হৈছে। দৰঙৰ সবাতোকৈ পুৰণি ৰাস হিচাবে চিহ্নিত ধূলা ৰাসোৎসৱ শুভাৰম্ভ কৰা সময়ৰ সৈতে বৰ্তমানৰ জনগাঠনিৰ আকাশ-পাতাল পাৰ্থক্য আহি পৰিছে যদিও সনাতন সংস্কৃতিত বিশ্বাসী ৰাইজে হাৰ মনা নাই। যাৰবাবে ৰাসত ভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অবিভক্ত দৰং জিলা ভিত্তিত দিহা নামৰ প্ৰতিযোগিতা অনুস্হিত কৰা হৈছে। উদযাপন সমিতিৰ সভাপতি হৰেন্দ্ৰ নাথ ডেকা আৰু সম্পাদক যোগেশ্বৰ নাথে সদৰি কৰা অনুসৰি ধূলা ৰাসত নিতৌ সাংস্কৃতিক-আধ্যাত্মিক কাৰ্যসূচীৰ লগতে মিৰ্জাৰ ত্ৰিকাল নাট্যদলৰ যাত্ৰাভিনয়ৰ উপৰিও শ্ৰীকৃষ্ণলীলা, গোপিনী নৃত্য, সত্ৰীয়া নৃত্যৰ প্ৰদৰ্শিত হব। ডাকচকীৰ ৰাধা-কৃষ্ণ শিশু নামতি দলৰ দিহা নাম, হীৰাপাৰাৰ আয়তী দলৰ দিহানামে ইতিমধ্যে ৰাইজক আকৰ্ষিত কৰিব সক্ষম হৈছে। দৰং আৰু ওডালগুৰিৰ সীমা মূৰীয়া নামখলা, কলাইগাৱতো ৰাসোৎসৱে আকৰ্ষিত কৰিছে সাধাৰণ গঞাক। সনাতনী সকলে দুয়ো খন ৰাসোৎসৱত সহযোগ কৰি আকৰ্ষণীয় কৰি তুলিছে মৃণ্ময় মূৰ্তিসমূহ। চমকীয় বৈদ্যুতিক কৌশলৰে নিশা আপোন পাহৰা কৰি তুলিছে ভক্তপ্ৰাণ ৰাইজক। ইতিমধ্যে বিশিষ্ট লোকগীতৰ শিল্পী অনিমা চৌধুৰীয়ে মঙলদৈৰ ৰাস মুকলিৰ পাছত মঙলদৈ সনাতন ধৰ্মসভা প্ৰাংগণত নিশা ভীৰ পৰিলক্ষিত হৈছে। আজি ধৰ্মালোচনা সভা সম্পন্ন হোৱাৰ পাছত নিশালৈ আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰখা হৈছে। নিতৌ ভাগৱত পাঠ, আয়তীৰ নাম, নাগাৰা নাম, শ্ৰীকৃষ্ণ নৃত্য আদিৰে মায়াপুৰী হৈ পৰিছে নিশাৰ মঙলদৈ। দীঘিৰপাৰ মহাৰাসত কাইলৈৰ পৰা পুনৰ জীৱন্ত ৰাসলীলাৰ প্ৰদৰ্শনে গঞা ৰাইজক মোহাচন্ন কৰি তোলাৰ সম্ভাৱনা গঢ় লৈ উঠিছে।

প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা

You might also like