এক লাখ লোকক চাকৰিৰ পৰা বিদায় দিব ট্রাম্পে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ নৱেম্বৰঃ আমেৰিকাৰ নতুন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ আমোলত ‘ডিপার্টমেণ্ট অৱ গৱর্নমেণ্ট এফিচিয়েঞ্চী (ড’জ)’ কার্যকৰী হোৱা বিষয়টোক লৈ তীব্র চর্চা চলিছে৷ বিশেষজ্ঞ মহলে ধাৰণা কৰিছে যে এনে নতুন বিভাগৰ ফলত ভৱিষ্যতে আমেৰিকাৰ পৰা বিলুপ্ত হ’ব পাৰে শিক্ষা মন্ত্রণালয়৷ অকল শিক্ষা মন্ত্রণালয়েই নহয়, আমেৰিকাত চৰকাৰী চাকৰিয়ালৰ ভৱিষ্যতলৈ নামি আহিব পাৰে সংকট৷ মার্কিন আমোলাতন্ত্রৰ গাঁথনি সম্পূর্ণৰূপে ধ্বংস কৰি দিয়াৰ উদ্দেশ্যে এই নতুন বিভাগ মুকলি কৰিছে ড’নাল্ড ট্রাম্পে৷ ইতিমধ্যে এই বিভাগৰ দায়িত্ব যৌথভাৱে প্রদান কৰা হৈছে ধনকুবেৰ এলন মাস্ক আৰু ভাৰতীয় বংশোদ্ভৱ ৰাজনীতিক বিবেক ৰামস্বামীক৷ স্মর্তব্য যে নির্বাচনৰ প্রচাৰৰ সময়তে ট্রাম্পে ফেডাৰেল চৰকাৰৰ খৰচ হ্রাস কৰাৰ প্রতিশ্রুতি দিছিল৷ খৰচ হ্রাস কৰিবলৈ নতুন দপ্তৰ সৃষ্টি কৰা হ’ব বুলি মন্তব্য কৰিছিল ট্রাম্পে৷ সেয়াই হৈছে ‘ড’জ’৷ আমেৰিকান বহু নাগৰিকে আশংকা কৰিছে যে এই নতুন বিভাগৰ ফলত প্রায় ১ লাখ চৰকাৰী কর্মীয়ে হেৰুৱাব চাকৰি৷ সেইবাবে আমেৰিকাত এয়া বলৱৎ হোৱাৰ পূর্বে ইয়াক চাকৰি খোৱা দপ্তৰ বুলি বিভিন্ন মহলে ব্যংগ কৰিবলৈ লৈছে৷ উল্লেখ্য যে এলন মাস্কে টুইটাৰ ক্রয় কৰাৰ সময়ত হাজাৰ হাজাৰ কর্মচাৰীক চাটাই কৰিছিল৷ কর্মচাৰীক চাকৰিৰ পৰা খেদাৰ ক্ষেত্রত মাস্কৰ সুনাম আছে৷ ভাৰতীয় বংশোদ্ভৱ মার্কিন উদ্যোগপতি বিবেক ৰামস্বামীয়ে ৰাষ্ট্রপতি নির্বাচনৰ দৌৰ পৰা আঁতৰি গৈ ট্রাম্পক পথ মসৃণ কৰি দিছিল৷ গতিকে ৰামস্বামীকো একেটা দপ্তৰত যৌথভাৱে মুৰব্বী হিচাপে নিয়োগ কৰিছে ট্রাম্পে৷ এই দুয়োগৰাকীয়ে এতিয়া আমেৰিকাত আমোলাতন্ত্রৰ গাঁথনি ভাঙি দিয়াৰ নামত বহু লোকক নিবনুৱা কৰিব বুলি আশংকা কৰা হৈছে৷ অকল সেয়াই নহয়, বহু মন্ত্রণালয়ো এই নতুন দপ্তৰৰ বাবে আমেৰিকাত বিলুপ্ত হ’ব বুলি ধাৰণা কৰিছে বহু লোকে৷