সুৰাসক্ত যুৱকৰ অতপালি : দুৰ্ঘটনাত প্ৰাণহানি ৰঙিয়াৰ ৰিম্পীৰ
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ৰঙিয়াৰ তৰণীত শোকাৱহ পথ দুৰ্ঘটনা। তৰণী-বিছেন্নালা পথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হয় এগৰাকী ১০ বছৰীয়া কিশোৰী। কিশোৰীগৰাকীৰ নাম ৰিম্পী কলিতা। গুৰুতৰভাৱে আহত হয় কিশোৰীগৰাকীৰ মাতৃ কবিতা কলিতা। তিনিগৰাকী যুৱকে বাইকেৰে আহি মাৰিছিল প্ৰচণ্ড খুন্দাত। খুন্দাত ঢলি পৰিছিল মাতৃসহ কন্যা, চিকিৎসালয়লৈ নিয়াৰ পথতেই প্ৰাণ গৈছিল কন্যা ৰিম্পী কলিতাৰ। Yamaha FZ মটৰচাইকেলখনৰ নম্বৰ AS-14Q-4194। সুৰাপান কৰি তীব্ৰ বেগত মটৰচাইকেল চলাই অহাৰ বাবেই হৈছে এই দুৰ্ঘটনাৰ কাৰণ বুলি জানিব পৰা গৈছে। যুৱক তিনিগৰাকীৰ দুজন নলবাৰী জিলাৰ, এজন ৰঙিয়াৰ সীতাৰাৰ। নিশা ২ মান বজাত ৰাস চাই ওভতাৰ পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। সম্প্ৰতি কিশোৰীগৰাকীৰ মৃতদেহ ৰঙিয়া থানাৰ মৰ্গত ৰখা হৈছে।
প্ৰেৰক ফাৰুক আহমেদ