মদাহী ছাৰ : ছিপাঝাৰত সুৰাৰ ৰাগীত মতলীয়া হেডছাৰ
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ : সুৰাৰ ৰাগীত মতলীয়া হৈ বিদ্যালয়লৈ অহা এগৰাকী প্ৰধান শিক্ষকৰ কৰ্ম কাণ্ডই আজি পুনৰ এবাৰ লজ্জাননত কৰিলে শিক্ষা বিভাগক। পুৱাতেই গোলাপী হৈ বিদ্যালয়লৈ বুলি ওলাই অহা হেডচাৰ পিছে বিদ্যালয় নাপালগেইয়েই।নিচাৰ কোবত আধাবাটতে বহি পৰা চাৰৰ আৰু শক্তিয়েই নোহোৱা হৈছিল আগবাঢ়ি যাবলৈ। পিছত স্হানীয় লোকে আহি প্ৰত্যক্ষ কৰাতহে চাৰৰ কিছু হুচ আহিল। দৰঙৰ গৰুখুটিৰ সমীপৰ ঘাটৰ আগত আজি সংঘটিত হয় ঢলং পলং চাৰৰ এই ঘটনা। ২নং ঘাটৰ আগ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাস পুৱা ঘৰৰ পৰা ঠিকেই ওলাই আহিল বিদ্যালয়লৈ। পিছে বাটতে চাৰে ধৰিলে পানী টোপা।নিচাৰ কোব ইমানেই বেছি হ’ল যে হেড চাৰ বহি পৰিল পথৰ এটা কাৰ্লভাৰ্টত। বহিল যি বহিলেই চাৰৰ উঠিবলৈও নোহোৱা হ’ল শক্তি।পিছত যেনিবা এগৰাকী সহ শিক্ষক আহি পায় চাৰক উদ্ধাৰ কৰিলে ৰাইজৰ মাজৰ পৰা।কোনোমতে চাইকেলৰ কেৰিয়াৰত বহুৱাই চাৰক লৈ যোৱাৰ ব্যৱস্হা কৰা হ’ল মানুহৰ ভিৰৰ মাজৰ পৰা।ইফালে সহকৰ্মী গৰাকীৰ ভাষ্য মতে হেড চাৰৰ কাহিনী আজিয়েই প্ৰথম নহয়। প্ৰায়ে নিচাসক্ত হৈ আহে বিদ্যালয়লৈ। কিন্তু আজি নিচাৰো কোব বাঢ়িল আৰু চাৰৰ দশা বেয়া আছিল। বিদ্যালয়লৈ গৈ নাপালেইগৈ। এনেকৈয়ে গোমৰ ফাক হৈ পৰিল দৰঙৰ প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত ২নং ঘাটৰ আগ প্ৰাথমিক বিদ্যালয়ৰ হেড চাৰ ৰোহিত চন্দ্ৰ দাস নামৰ এইগৰাকী মদাহী চাৰৰ কাহিনী। চাৰৰ এই ঘটনাই লজ্জানত কৰি তুলিছে শিক্ষা বিভাগৰ লগতে অইন সহকৰ্মী আৰু ছাত্ৰ ছাত্ৰী সকলকো। অৱশ্যে খোদ হেড চাৰৰেই এই ৰূপ উন্মোচিত হোৱাৰ পাছত দৰং জিলাৰ প্ৰাথমিক শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয়।
প্ৰেৰক ৰণজিত নাথ