নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনবাইৰ বক্ষতো আছে আগ্নেয়গিৰিৰ ইতিহাস

🔹 মহাকাশযানে সংগ্রহ কৰা শিলাখণ্ডত নিশ্চিত হ’ল নতুন ৰহস্য

নিউজ ডেস্ক, ১৯ নৱেম্বৰ : পৃথিৱীৰ পৰা বিপৰীত দিশত থকা চন্দ্রপৃষ্ঠৰ পৰা শিলৰ নমুনা কঢ়িয়াই আনি চন্দ্রৰ মহাকাশযানে নতুন ৰহস্য উদ্ঘাটন কৰি ইতিহাস গঢ়িলে৷ চীনৰ চেঞ্জ–৬ অভিযানৰ অংশ হিচাপে মহাকাশযানে চন্দ্রৰ দূৰৈৰ পৰা সংগ্রহ কৰি অনা শিলৰ নমুনাত এই কথা নিশ্চিত হৈছে যে চন্দ্রত আগ্ণেয়গিৰিৰ ইতিহাস আছে৷ ইতিপূর্বে বিজ্ঞানীসকলে এই ৰহস্যটোক লৈ পূর্বানুমান চলাইছিল যদিও জোনবাইৰ বক্ষত আগ্ণেয়গিৰিৰ ইতিহাস আছে বুলি চীনে নিশ্চিত কৰি মহাকাশ বিজ্ঞানত ইতিহাস গঢ়িলে৷ ৪.২ বিলিয়ন বছৰ পূর্বৰ এটুকুৰা শিলাখণ্ডৰ নমুনাত অধ্যয়ন চলাই চীনে চন্দ্রত আগ্ণেয়গিৰিৰ স্থিতিৰ নতুন তথ্য দিবলৈ সক্ষম হৈছে৷ অনাৱিষ্কৃত চন্দ্রৰ বক্ষৰ পৰা যোৱা জুন মাহত চীনৰ মহাকাশযানখনে শিলাখণ্ড এটা সংগ্রহ কৰিছিল৷ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ বিজ্ঞানীয়ে যুটীয়াভাৱে অধ্যয়ন চলাই চন্দ্রৰ ৰহস্যজনক স্থানৰ পৰা সংগ্রহ কৰা শিলাখণ্ডটো ৪.২ বিলিয়ন বছৰ পূর্বে আগ্ণেয়গিৰিৰ প্রভাৱৰ বুলি নিশ্চিত কৰিছে৷ বিজ্ঞানভিত্তিক আলোচনী ‘নেচাৰ এণ্ড ছায়েঞ্চ জার্নেল’ত এই সন্দর্ভত বিতং প্রতিবেদন প্রকাশ পাইছে৷ পৃথিৱীৰ পৰা দৃশ্যমান চন্দ্রপৃষ্ঠত অনেক ৰহস্য বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে যদিও পৃথিৱীৰ পৰা বিশ্বমান নোহোৱা চন্দ্রৰ সিপিঠিত এতিয়াও অনেক ৰহস্য আছে৷ দুমাহ ধৰি চলা চীনৰ চেঞ্জ–৬ অভিযানৰ মহাকাশযানে এই নতুন তথ্য নিশ্চিত কৰাৰ পিছতে চন্দ্রক লৈ বিজ্ঞানীসকলে গৱেষণাৰ নতুন সমল লাভ কৰিলে৷ উল্লেখ্য যে চন্দ্রৰ শিলাখণ্ডক লৈ উভতি অহা চীনৰ প্রথম যানে পৃথিৱীৰ পৰা দৃশ্যমান নোহোৱা জোনবাইৰ বক্ষতো প্রাচীন আগ্ণেয়গিৰিৰ ইতিহাস উদগীৰণৰ তথ্য উদঘাটন কৰিলে৷

You might also like