নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । বুধাবাৰে ৰাজস্থানৰ জয়পুৰত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱা এজন লোকৰ তথ্য পোহৰলৈ আহে । ইয়াৰ পাচতেই ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৬২ লৈ ।
যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে ডুবাইৰ পৰা ভাৰতলৈ অহা ৮৫ বছৰীয়া এইগৰাকী বৃদ্ধৰ শৰীৰত সন্দেহজনক লক্ষণ দেখা দিয়াত ভৰ্তি কৰোৱা হয় হাস্পতালত । তাৰ পাচতেই পৰীক্ষাৰ অন্তত পোহৰলৈ আহে বৃদ্ধগৰাকীৰ দেহত ক’ৰোনা পজিটিভ ।
উল্লেখ্য যে, মঙলবাৰে ১৬ জনৰ দেহত পোৱা গৈছিল ক’ৰোনা ভাইৰাছ । আক্ৰান্ত ১৬ জনৰ ভিতৰত কেৰালাৰ ৮ জন । কৰ্ণাটকৰ ৩ জন আৰু মহাৰাষ্ট্ৰৰ ৫ জন । বৰ্তমানলৈকে মুঠ ৬২ জন লোক আক্ৰান্ত হৈছে ভাৰতবৰ্ষত । এই মাৰাত্মক ভাইৰাছ পোহৰলৈ অহাৰ পাচতেই এতিয়া প্ৰতিজনকেই ৰখা হৈছে আইচুলেচন ৱাৰ্ডত ।