নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নিৰ্মাণ হ’ব ভূপেন হাজৰিকা-প্ৰতিমা পাণ্ডে বৰুৱাৰ পূৰ্ণাৱয়ব মূৰ্তি

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ ধুবুৰী চহৰত নিজৰ সাংসদ পুঁজিৰ ধনেৰে সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ পূৰ্ণাংগ অৱয়বৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ ঘোষণা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। উল্লেখ্য যে কংগ্ৰেছৰ দলৰ দুগৰাকী বিধায়ক, দক্ষিণ শালমাৰৰ ৱাজেদ আলী চৌধুৰী আৰু গোলকগঞ্জৰ আব্দুছ চোবাহান আলী সৰকাৰসহ ধুবুৰীত নতুনকৈ গঠিত হোৱা নেতাই ধুবুনী প্ৰেছ ক্লাবত উপস্থিত হয় ধুবুৰীৰ সাংসদ হুছেইনে। ক্লাবৰ তৰফৰ পৰা তিনিওকে ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও সাম্প্রতিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা আনুষ্ঠানিকভাবে উন্মোচন হোৱা নেতাই ধুবুনী প্ৰেছ ক্লাবৰ বাৰ্ষিক মুখপত্ৰ ধুবুনী প্ৰদান কৰা হয়। পিছত ক্লাব-কাৰ্যালয়ত উপস্থিত সাংবাদিকৰে এক আলোচনাৰ অন্তত নেতাই ধুবুনী ক্লাবৰ দাবীৰ প্ৰতি সঁহাৰি জনাই সাংসাদগৰাকীয়ে নিজৰ সাংসদ পুঁজিৰ ধনেৰে ধুবুৰী চহৰত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ পূৰ্ণাংগ অৱয়বৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। নিজৰ বক্তব্যত ধুবুৰী আৰু গৌৰীপুৰ সাঙুৰি এক “পৰ্যটন হাব” গঢ়ি তোলাৰ থল থকা বুলি মন্তব্য কৰে। আনহাতে, ধুবুৰী জিলাৰ গোলকগঞ্জৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত চিণ্ডিকেট চলি থকাৰ অভিযোগ তুলি সেই সন্দৰ্ভে বাতৰি পৰিবেশন কৰিবলৈও আহ্বান জনায় সাংসদ হুছেইনে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like