নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম বৰষুণ : আপ চৰকাৰে বিচাৰিলে কেন্দ্রৰ অনুমোদন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ ৰাজধানী দিল্লীৰ ভয়াৱহ বায়ু প্রদূষণৰ মাত্রা নিয়ন্ত্রণ কৰিবলৈ কৃত্রিম বৰষুণৰ পোষকতা কৰি কেন্দ্রৰ অনুমোদন বিচাৰিছে দিল্লীৰ আপ চৰকাৰে৷ চৰকাৰৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে বায়ু প্রদূষণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰক কৃত্রিম বৰষুণত অনুমোদন জনাবলৈ আহ্বান জনাইছে৷ সংবাদ মেলত পৰিৱেশ মন্ত্রী ৰায়ে বায়ু প্রদূষণৰ জটিল বিষয়টোৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্রীয় চৰকাৰক জৰুৰী বৈঠক আহ্বান কৰাৰ বাবে অনুৰোধ জনাইছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এয়া নৈতিক দায়িত্ব বুলি উল্লেখ কৰি বিষয়টো অধিক গুৰুত্ব সহকাৰে লোৱা বুলিও আহ্বান জনাইছে মন্ত্রী ৰায়ে৷

You might also like