নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘিনীৰ সংগ বিচাৰি ৩০০ কিলোমিটাৰ যাত্রা জ’নীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ বনৰীয়া প্রাণীৰ কিছুমান কাণ্ডই কেতিয়াবা জীৱশ্রেষ্ঠ মানুহকো গভীৰভাৱে ভাবিবলৈ বাধ্য কৰায়৷ তেনে এক কাণ্ড সংঘটিত হৈছে মতা বাঘ জ’নীৰ ক্ষেত্রত৷ মহাৰাষ্ট্রৰ টিপেশ্বৰ বন্যপ্রাণী অভয়াৰণ্যৰ বাঘ জ’নীয়ে বাঘিনীৰ সংগ বিচাৰি ৩০০ কিলোমিটাৰ যাত্রা অতিক্রম কৰি তেলেংগানাত উপস্থিত হৈছে৷ বাঘিনীৰ সৈতে সর্ম্পক স্থাপনৰ বাবেই জ’নীয়ে এই যাত্রা কৰিছে৷ অক্টোবৰ মাহৰ তৃতীয় সপ্তাহত টিপেশ্বৰ বন্যপ্রাণী অভয়াৰণ্যৰ পৰা জ’নীয়ে যাত্রা আৰম্ভ কৰি ৩০০ কিলোমিটাৰ অতিক্রম কৰি তেলেংগানাত উপস্থিত হোৱাৰ তথ্য ৰেডি’ ক’লাৰযোগে সংগ্রহ কৰিছে৷ মহাৰাষ্ট্রৰ পৰা তেলেংগানালৈ সংগিনী বিচাৰি অহা জ’নীয়ে বনাঞ্চল পাৰ হোৱাৰ লগতে কৃষিভূমিও অতিক্রম কৰি আহিছে৷ আদিলাবাগ আৰু নির্মল জিলা হৈ বাঘটোৱে তেলেংগানালৈ আহি থকা অৱস্থাত ৰেডি’ ক’লাৰযোগে জ’নীৰ স্থিতি বন বিভাগে আদিলাবাদকে ধৰি কুলতলা, চাৰংপুৰ, মামাৰা আৰু পেণ্ডি মণ্ডলত প্রত্যক্ষ কৰিছে৷ বাঘটোৱে হায়দৰাবাদ–নাগপুৰ্ ৰাষ্ট্রীয় ঘাইপথ ৪৬ অতিক্রম কৰি সম্প্রতি টিৰিয়ানি অঞ্চললৈ ধাৱমান হৈছে৷ শীতকালত বাঘিনীৰ সৈতে সম্পর্ক কৰাৰ বাবেই বাঘটোৱে ইমান দীর্ঘ দূৰত্ব অতিক্রম কৰি আছে৷ মন কৰিবলগীয়া যে বাঘিনী থকা ঠাই মতা বাঘে ১০০ কিলোমিটাৰ দূৰত্বৰ পৰাই চিনাক্ত কৰিব পাৰে৷ জ’নীৰ এই কাণ্ড সম্প্রতি ব্যাপক চর্চাৰ বিষয় হৈ উঠিছে৷

You might also like