নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনোবাই কিবা ক’ব পাৰে, অগপত বিসম্বাদ নাই

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ বিজেপিৰে মিত্রতাক লৈ অগপৰ একাংশ নেতাই বিভিন্ন প্রশ্নৰ অৱতাৰণা কৰি অহাৰ সময়তে দলটোৰ সভাপতি মন্ত্রী অতুল বৰাই দলত কোনো বিসম্বাদ নাই বুলি স্পষ্ট কৰি দিছে৷ সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই স্পষ্টভাৱে কয়– অগপত কোনো বিসম্বাদ নাই৷ বৃহৎ দল হিচাপে কোনোবাই কিবা ক’ব পাৰে৷ সেয়া বিসম্বাদৰ কথা নহয়৷ সভাপতি বৰাই কয় যে যিসকল নেতাই এই বিষয়ত বক্তব্য ৰাখিছে, তেওঁলোকে কি পৰিস্থিতিত তেনেদৰে বক্তব্য ৰাখিছে সেই বিষয়ে অধ্যয়নৰ বাবে দলৰ কেইজনমান জ্যেষ্ঠ সদস্যক দায়িত্ব দিয়া হৈছে৷ তেওঁলোকে সেইসকল নেতাৰ সৈতে আলোচনা কৰি ভুল বুজাবুজি মৰিষণ কৰিব৷ কিন্তু দলত এতিয়া কোনো বিসম্বাদ নাই৷ উল্লেখ্য যে কেইদিনমান পূর্বে অগপৰ সাধাৰণ সম্পাদক কমলা কলিতাই ৰাজহুৱাভাৱে অসমত অগপক বাদ দি কোনোবাই চৰকাৰ গঠন কৰিব পৰাৰ কথাটো কল্পনাই কৰিব নোৱাৰে বুলি মন্তব্য কৰি কার্যতঃ বিজেপিয়ে যে অগপক বাদ দি অকলে চৰকাৰ কৰিব নোৱাৰে, তাৰেই ইংগিত দিছিল৷ ইয়াৰ পাছতেই দলৰ আন এগৰাকী সাধাৰণ সম্পাদক সত্যব্রত কলিতাই অগপ–বিজেপিৰ আসন বুজাবুজিৰ ক্ষেত্রত সকলোৱে মিত্রতাৰ ধর্ম পালন কৰা উচিত বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি আসন্ন বিধানসভা নির্বাচনত কমলপুৰৰ আসনখন এইবাৰ অগপ দলক এৰি দিবলৈ ৰাজহুৱাকৈ দাবী উত্থাপন কৰে৷ এই সন্দর্ভত কলিতাই কয় যে যোৱাবাৰ অগপৰ দখলত থকা সত্ত্বেও মিত্রতাৰ ধর্ম পালন কৰি অগপই কমলপুৰৰ আসনখন বিজেপিক এৰি দিছিল৷ এইবাৰ বিজেপিয়ে মিত্রতাৰ ধর্ম পালন কৰি কমলপুৰৰ আসনখন অগপক এৰি দিয়ক৷ অনুৰূপ ধৰণে অগপৰ অন্যতম জ্যেষ্ঠ নেতা বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই জন্মলগ্ণৰে পৰা এতিয়ালৈ বিভিন্ন সময়ত অগপই ৰাজ্যখনৰ ১২৬টা সমষ্টিৰ ভিতৰত ৮৪টা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছে৷ সমষ্টি পুনৰ নির্ধাৰণৰ পাছত অগপৰ বাবে এতিয়া ১২৬টা সমষ্টিৰ ভিতৰত ১০৪–১০৫টা সমষ্টি ইতিবাচক হৈ আছে৷ সেয়ে অহা বিধানসভা নির্বাচনত আসন বুজাবুজিৰ ক্ষেত্রত এই দিশটোও গুৰুত্ব দিয়া উচিত৷ মিত্রতা তথা আসন বুজাবুজিক লৈ অগপৰ ভিতৰচ’ৰাত এনেধৰণৰ মতপার্থক্য তথা ক্ষোভৰ সৃষ্টি হোৱাৰ সময়তে দলটোৰ সভাপতি অতুল বৰাই দলত কোনো বিসম্বাদ নাই বুলি কৰা মন্তব্য ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷

You might also like