নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্র উপত্যকাৰ নিম্ন আদালতত নচলে অসমীয়া

বিশেষ বার্তা, ২০ নৱেম্বৰঃ ফৌজদাৰী কিম্বা দেৱানী আদালতত ৰাজ্যিক ভাষা তৎকালে ব্যৱহাৰৰ দাবী জনাই তিনিচুকীয়া প্রেছ ক্লাবত সদৌ অসম উকীল সন্থাৰ উপ–সভাপতি অশোক কুমাৰ কর্মকাৰে কালি এখন সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলত কর্মকাৰে কয় যে ১৯৬০ চনৰ ৰাজ্যিক ভাষা আহনক অংগুষ্ঠ প্রদর্শন কৰি চলি থকা অসমৰ বিশেষকৈ ব্রহ্মপুত্র উপত্যকাৰ নিম্ন আদালতসমূহত ৰাজ্যিক ভাষা অসমীয়া এলাগী হোৱাৰ ফলত সম্পূর্ণ ন্যায়িক ব্যৱস্থাটোৱেহ প্রহসনত পৰিণত হৈছে৷ সদৌ অসম উকীল সন্থাৰ বাৰম্বাৰ দাবীৰ পাছতো সংশ্লিষ্ট কর্তৃপক্ষই অসম ৰাজ্যিক ভাষা আহন–১৯৬০ আজি পর্যন্ত কার্যকৰীভাৱে বলৱৎ কৰিবলৈ সু–ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ উল্লেখ্য যে অসমৰ কাছাৰ জিলাক বাদ দি অন্যান্য জিলাত অসম ৰাজ্যিক ভাষা আহন–১৯৬০ অনুযায়ী সকলো কার্যালয়ৰ ভাষা অসমীয়া হ’ব লাগে৷ সার্বভৌম ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত (অনুচ্ছেদ ৩৪৪(১) আৰু ৩৫১) অন্যান্য ২১টা ভাষাৰ লগতে অসমীয়া ভাষাকো মান্যতা তথা স্বীকৃতি দি থোৱা আছে৷ অথচ সেহখন সার্বভৌম গণতান্ত্রিক ভাৰতৰ অংগৰাজ্য অসমৰ বিশেষকৈ ব্রহ্মপুত্র উপত্যকাৰ নিম্ন আদালতসমূহত মান্য অসমীয়া ভাষা এলাগী হৈছে৷ নীতিগত তথা আহনগতভাৱেই ব্রহ্মপুত্র উপত্যকাৰ নিম্ন আদালতৰ ফৌজদাৰী গোচৰৰ সাক্ষদান ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ৩১২ ধাৰা অনুযায়ী ৰাজ্যিক ভাষা অসমীয়াত লিপিবদ্ধ কৰাটো বাধ্যতামূলক৷ কিন্তু অধিকাংশতে নিম্ন আদালতসমূহত ৰাজ্যিক তথা সাংবিধানিক ভাষা অসমীয়াৰ সলনি ইংৰাজী ভাষাতহে লিপিবদ্ধ কৰি আহিছে৷ ফলত অশিক্ষিত গুচৰীয়া তথা পদকীয়াহ নিজৰ গোচৰ সন্দর্ভত একো জ্ঞাত তথা অৱগত নোহোৱাকৈয়ে টিপচহী দি নিজৰ দায়িত্ব আৰু কর্তব্য সামৰিবলৈ বাধ্য হয়৷ দেৱানী কার্যবিধিৰ বিধি ১৮১ অধিনিয়ম ৫ অনুযায়ী সাক্ষ্য অসমীয়া ভাষাত দিবলৈ বিচাৰিলে অসমীয়াত লিপিবদ্ধ কৰাটো বাধ্যতামূলক৷ শেহতীয়াকৈ ২৭ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ পাঠশালাত অনুষ্ঠিত সদৌ অসম উকীল সন্থাৰ অধিৱেশনত নিম্ন আদালতসমূহত ৰাজ্যিক ভাষা তৎকালীনভাৱে ব্যৱহাৰৰ দাবী জনাই প্রস্তাৱ গ্রহণ কৰাৰ লগতে এহ সন্দর্ভত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক স্মাৰক–পত্র প্রদানৰ সিদ্ধান্ত লোৱা হয়৷ হয়াৰ উপৰি ৰাহজৰ সুবিধার্থে উজনি অসমত উচ্চ ন্যায়ালয়ৰ বেঞ্চ স্থাপন কৰাৰ বাবেও সদৌ অসম উকীল সন্থাই দাবী জনায়৷ ঝাৰখণ্ড চৰকাৰে নতুনকৈ ওকালতি আৰম্ভ কৰা আৰু ৬০ বছৰৰ ঊর্ধ্বৰ উকীলসকলক আর্থিক সকাহ দিয়াৰ বাবে গ্রহণ কৰা আঁচনি অসমতো ৰূপায়ণ কৰি নতুনকৈ ওকালতি আৰম্ভ কৰা অধিবক্তাক ৫ বছৰলৈ মাহে ১০ হাজাৰকৈ আৰু ৬০ বছৰৰ ঊর্ধ্বৰ অধিবক্তাক মাহে ২৫ হাজাৰকৈ ভাট্টা প্রদানৰ বাবে অসম চৰকাৰক দাবী জনোৱা হয়৷ সংবাদ মেলত সদৌ অসম উকীল সন্থাৰ উপ–সভাপতি অশোক কুমাৰ কর্মকাৰৰ লগতে তিনিচুকীয়া উকীল সন্থাৰ জ্যেষ্ঠ সদস্য প্রমোদ বৰাৰ উপৰি উদয়ানন্দ বৰগোহাঁহ আৰু নীৰজ গগৈও উপস্থিত থাকে৷

You might also like