ডিব্ৰুগড়ৰ নদী কিনাৰ নিগম গাঁৱত নাহৰফুটুকীৰ আতংক
বিশেষ বাৰ্তা, ২০ নৱেম্বৰঃ ডিব্ ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰী মৌজাৰ বুঢ়ীদিহিং নদী কিনাৰ নিগম গাঁৱৰ সমীপৱৰ্তী ডাঠ হাবি-বননিৰ মাজত আশ্ৰয় লৈ থকা এটা নাহৰফুটুকী বাঘে উক্ত গাঁৱৰ লগতে নিকটৱৰ্তী গাওঁ সমূহত আতংক সৃষ্টি কৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। উল্লেখযোগ্য যে বিগত দুমাহ ধৰি নদী কিনাৰ নিগম,৩নং ভৰালীবাৰী হৰেঘাট আৰু চৰাই হাবি মিছিং গাঁৱত নাহৰফুটুকী বাঘটোৱে পোহনীয়া গৰু ছাগলী বধ কৰিবলৈ প্ৰয়াস চলাই আহিছে যদিও ৰাইজৰ সচেতনতাৰ বাবে কথমপি ৰক্ষা পৰিছে। কিন্তু উক্ত নাহৰফুটুকী বাঘে ইতিমধ্যে নিশাৰ ভাগত পোহনীয়া জীৱ-জন্তু বধ কৰিবলৈ আহি কেতিয়াবা কুকুৰ,হাহঁ কুকুৰা বধ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত স্থানীয় ৰাইজে জানিবলৈ দিছে।নিশা হলেই নদী কিনাৰ নিগম গাঁৱৰ সমীপৱৰ্তী ডাঠ হাবি-বননিৰ পৰা নাহৰফুটুকী বাঘটো ওলাই আহি গোজৰনি মৰাৰ সময়ৰ পিছতেই পোহনীয়া জীৱ-জন্তু চিকাৰ কৰিবলৈ আহি বিচৰণ কৰি ফুৰাৰ ফলত স্থানীয় গাওঁবাসী সৰ্বত্ৰে আতংকিত হৈ পৰিছে।
প্ৰেৰক বিভাস দুৱৰা