নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : প্রণামী হালৈৰ স্বাৱলম্বনৰ সংগ্রামী যাত্রা

উৎপল কুমাৰ কলিতা

‘জীৱন মানেই অভিজ্ঞতাৰ উকি মাৰি নিৰন্তন গতিৰে আগবঢ়া এক উজনিমুৱা যাত্রা৷ কিমান সমৃদ্ধ হ’ব পাৰে এই যাত্রা, যি যাত্রাই আমাক দি যাব পাৰে এটোপাল ৰুদ্র তমসা কিম্বা বুকুভৰা চন্দ্রমল্লিকা– জীৱন সম্পর্কে এই গভীৰ অনুভৱ লৈ আগবাঢ়িছে ছোৱালীজনী৷ এয়া প্রণামীৰ কথা৷ বাক্সা আৰু নলবাৰী জিলাৰ সীমাৰ বৰঝাৰৰ যুৱতী প্রণামী হালৈ৷ প্রণামীয়ে জীৱন আৰম্ভ কৰিছিল শূন্যৰে৷ কিন্তু বুকুত অসীম সাহস বান্ধি স্ক’লাৰশ্বিপৰ চাৰি হাজাৰ টকাৰে সৰু চাহ দোকান এখন দি সপোন খেদা ছোৱালীজনী আজি সফলতাৰ সোপানত আগবাঢ়িছে দুৰন্ত গতিৰে৷ প্রণামীয়ে গঢ়ি তুলিছে এটাৰ পাছত এটা ব্যৱসায়িক উদ্যোগ৷

এটি খাটিখোৱা দৰিদ্র পৰিয়ালৰ সন্তান প্রণামী৷ পিতৃ চন্দ্র হালৈয়ে এখন টেম্প’ চলোৱাৰ লগতে সূত–ঋণ লৈ দিছিল এখন খেলৰ সামগ্রী বিক্রীৰ দোকান৷ কিন্তু ক’ৰোনাসৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজত দোকানখন বন্ধ হৈ পৰিল৷ সমান্তৰালভাৱে শাৰীৰিকভাৱে অসুস্থ হৈ পৰিল চন্দ্র হালৈ৷ পৰিয়ালটোৰ মূৰত যেন আকাশী সৰগ ভাঙি পৰিল৷ পেটৰ ভাতমুঠিও নিমিলা হ’ল৷ প্রণামী তেতিয়া ছাত্রী৷ বয়স ১৮ বছৰ৷ বৰমা ছানৰাইজ একাডেমীৰ পৰা ৮৬ শতাংশ নম্বৰ লৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈছে৷ পৰিয়ালৰ বোজা মূৰ পাতি লৈ তেতিয়া বৰঝাৰৰ ঘৰৰ সন্মুখতে মাতৃ লক্ষী হালৈৰ সহযোগত আৰম্ভ কৰিলে সাধাৰণ সৰু চাহ দোকান৷ সেই সময়তে মেধা জলপানিৰ ৫৪ হাজাৰ টকা লাভ কৰিলে৷ তাৰে ৫০ হাজাৰ খৰচ হ’ল পিতৃৰ চিকিৎসাত৷ হাতত থকা চাৰি হাজাৰ টকাৰে প্রণামীয়ে আৰম্ভ কৰিলে সপোনৰ যাত্রা৷ আৰম্ভ কৰিলে ‘আৰণ্যক ফুড প্রডাক্ট’ নামৰ এটা আচাৰ উদ্যোগ৷ ইউকো আৰচিটি আৰু কৃষি বিজ্ঞান কেন্দ্র নলবাৰীৰ পৰা প্রশিক্ষণ লাভ কৰি ‘আৰণ্যক ফুড প্রডাক্ট’ৰ যাত্রা আৰম্ভ কৰা প্রণামীয়ে সম্পূর্ণ জৈৱিক পদ্ধতিত ৰসায়নমুক্ত, ঔষধি আৰু স্বাস্থ্যসন্মত আচাৰ প্রস্তুতত গুৰুত্ব আৰোপ কৰিলে৷ ইয়াত ব্যৱহাৰ কৰা হয় সম্পূর্ণ থলুৱা প্রযুক্তি৷ উৎপাদিত বস্তুবোৰ প্রস্তুত কৰাৰ বাবে প্রণামীয়ে স্থানীয় কৃষকৰ পৰা জৈৱিকভাৱে প্রস্তুত কৰা কেঁচা সামগ্রীসমূহ ক্রয় কৰে, যাতে ইয়াৰ পৰা স্থানীয় কৃষকসকলো উপকৃত হয় আৰু উৎপাদিত সামগ্রীৰ এখন বজাৰ লাভ কৰে৷ বগৰী, জলফাই, বাঁহগজ, ঔটেঙা, আমৰা, নেমু, আম আদি বিধে বিধে আচাৰ প্রস্তুত কৰা প্রণামীৰ আৰণ্যক ফুড প্রডাক্টছ আজি পৰিণত হৈছে এটা উদ্যোগত৷ প্রণামীৰ এশ শতাংশ ৰসায়নমুক্ত আৰু থলুৱা পদ্ধতিৰে প্রস্তুত কৰা এই আচাৰসমূহ অসমৰ বিভিন্ন ঠাইত ভাল বজাৰ লাভ কৰাৰ লগতে পঞ্জাব, উত্তৰ প্রদেশ, জম্মু–কাশ্মীৰ, দিল্লী, হাৰিয়ানা আদি ৰাজ্যতো বিক্রী হৈ আছে৷ তেওঁ কুৰিয়াৰযোগে সংশ্লিষ্ট বজাৰসমূহলৈ আচাৰ প্রেৰণ কৰি আহিছে৷ আনহাতে, বিভিন্ন স্থানত অনুষ্ঠিত বাণিজ্য মেলাত বিপণী পাতিও প্রণামীয়ে আচাৰৰ ভাল বজাৰ লাভ কৰিছে৷

লগতে পঢ়ক

ঢকুৱাখনাত অযুত সপোনৰ আশা-প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত গ্ৰাম্য সমাজ

সপোন খেদা উদ্যমী ছোৱালীজনীৰ উদ্যমী যাত্রা ইয়াতে শেষ হোৱা নাই৷ চাহ দোকান, আচাৰ উদ্যোগৰ পাছত প্রাকৃতিকভাৱে চাবোন আৰু ছেম্পু তৈয়াৰ কৰা এক ক্ষুদ্র উদ্যোগো গঢ়ি তুলিছে৷ এই প্রাকৃতিক চাবোনবোৰৰ বাবে গোলাপ, নিম, হালধি, পকা অমিতা, নেমু, মৌ, গাখীৰ, তিযঁহ, বেচন আদি ব্যৱহাৰ কৰা হয়৷ এই সম্পর্কত প্রণামীয়ে প্রকাশ কৰা মতে ‘মানুহৰ সু–স্বাস্থ্যৰ আধাৰ হ’ল প্রকৃতিৰ পৰা আহৰণ কৰা সম্পদ৷ কিন্তু বর্তমান সময়ত বজাৰত ৰাসায়নিক মুক্ত খাদ্য, চাবোন, ছেম্পু আদি ভৰি পৰিছে৷ যিবোৰে মানৱ স্বাস্থ্যৰ যথেষ্ট ক্ষতিসাধন কৰে৷ সেয়ে মই মানুহক প্রাকৃতিক আচাৰ, চাবোন, ছেম্পু আদি দিবলৈ প্রয়াস কৰিছোঁ৷’ আনহাতে, উৎপাদিত সামগ্রীৰ বজাৰ সম্পর্কত প্রণামীয়ে কয়– ‘যদি উৎপাদিত সামগ্রী স্বাস্থ্যসন্মত আৰু গুণগত মান উন্নত হয়, তেনে সামগ্রীয়ে বজাৰ লাভ কৰিবই৷ বজাৰ মই ভালেই পাইছোঁ৷’ উল্লেখ্য চাৰি হাজাৰ টকাৰে আৰম্ভ কৰা আৰণ্যক ফুড প্রডাক্ট আজি পৰিণত হৈছে কেইবালাখটকীয়া উদ্যোগলৈ৷

প্রণামীয়ে ইয়াৰ লগতে গাঁৱৰ কেইগৰাকীমান মহিলাকো সহযোগী কৰি লৈ সংস্থাপনৰ বাট দেখুৱাইছে৷ প্রণামীৰ মতে নিজে কিবা এটা সফলতাৰে কৰাৰ লগতে আনকো আগুৱাই নিয়াৰ প্রয়াস কৰিব লাগে৷ সেয়ে মোৰ অধিক লোকক স্বাৱলম্বী কৰাৰ প্রয়াস অব্যাহত থাকিব৷ প্রণামীয়ে ইয়াৰ লগতে সৰিয়হ তেল, মছলা, লাড়ু–পিঠা প্রস্তুত কৰা কাম হাতত লয়৷ এইবোৰ পেকেজিং কৰি স্থানীয়ভাৱে বিক্রী কৰাৰ লগতে অসমৰ বিভিন্ন স্থানলৈ প্রেৰণ কৰা হয়৷

২০২৩ চনৰ মে’ মাহত প্রণামীয়ে আৰম্ভ কৰে পেপাৰ প্লেট, ডিছপজেবল গিলাচ নির্মাণৰ ক্ষুদ্র উদ্যোগ এটি৷ এই উদ্যোগত তেওঁ কাম কৰাৰ সুবিধা দিয়ে স্থানীয় অভাৱগ্রস্ত মহিলা কিছুমানক৷ শেহতীয়াকৈ তেওঁ চাৰি মাহ পূর্বে আৰম্ভ কৰে আৰণ্যক বনৰীয়া নামেৰে আন এক প্রতিষ্ঠান৷ বিশেষকৈ গ্রামাঞ্চলত থকা কাঠৰ ভাস্কর্য শিল্পীসকলে প্রস্তুত কৰা গঁড়, হাতী, হৰিণা, চৰাই, কাছ আদিৰ ভাস্কর্যসমূহৰ লগতে হাতেৰে নির্মিত বিভিন্ন গৃহসজ্জাৰ সামগ্রীৰ বিপণন প্রতিষ্ঠান সপোন বনৰীয়া৷ তেওঁৰ প্রতিষ্ঠানৰ এই সামগ্রীসমূহে অসমৰ বাহিৰৰ পৰা অহা বহু পর্যটককো আকর্ষণ কৰিছে৷ এই বাঁহ, বেত, কাঠৰ ভাস্কর্যসমূহে চুবুৰীয়া দেশ ভূটানৰো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পৰা এখন বজাৰ লাভ কৰিছে স্থানীয়ভাৱে এইবোৰ নির্মাণ কৰা হস্তশিল্পীসকলেও৷ এই বছৰ প্রণামীয়ে আৰম্ভ কৰিছে আন এক ব্যৱসায়৷ শাৰদীয় উৎসৱৰ বতৰত উৎসৱথলীত লক্ষী হোটেল নামৰ এক ভ্রাম্যমাণ খাদ্য বিক্রী প্রতিষ্ঠান তেওঁ চলাই সফল হৈছে৷ বিশেষকৈ এই প্রতিষ্ঠানত ৯৯ টকাত কোমোৰাৰে ৰন্ধা হাঁহৰ মাংস আৰু ৰুটী খাবলৈ গ্রাহকৰ ভিৰ লগা দেখা যায়৷ এনেদৰে প্রণামীয়ে অব্যাহত ৰাখিছে তেওঁৰ যাত্রা৷ পাছলৈ ঘূৰি চাবৰ সময় নাই, মাথোঁ অগ্রগামী গতি সন্মুখলৈ৷ প্রণামীয়ে ইতিমধ্যে তেওঁৰ আদর্শ, কর্মনিষ্ঠাৰ বাবে ৰ’টাৰী ক্লাব দিছপুৰ, উপেন মিনা ফাউণ্ডেচন আদি সংগঠনৰ দ্বাৰা সম্বর্ধিত হৈছে৷ প্রণামীয়ে কয়– মোৰ ইচ্ছা আৰণ্যকৰ কর্ম আৰু বিস্তৃত কৰাৰ৷ আৰণ্যকৰ জৰিয়তে আৰু কিছু মানুহক সংস্থাপন দিয়া৷ মই আৰম্ভ কৰা আৰণ্যক ফুড প্রডাক্টৰ হাঁহি কেৱল এটা পৰিয়ালৰ হাঁহি নহৈ আৰু দহটা পৰিয়ালৰ হাঁহি হৈ পৰক৷’ শেষত প্রণামীৰ ভাষাৰে কওঁ– ‘হাঁহিবলৈ বুকুত কঢ়িয়াব লাগে শ্যামলী সপোনৰ বৰপেৰা’৷ সপোন খেদা ছোৱালীজনীৰ সপোনবোৰ বাস্তৱ হওক, আমাৰো থাকিল শুভকামনা৷

ফোনঃ ৯৩৯৪৯–২২৫২৭

 

You might also like