নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাফলঙত বিভাগীয় পৰ্য্যালোচনা সভা মন্ত্ৰী ৰণজিৎ দাসৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ডিমা হাচাও স্বাযত্ব শাসিত পৰিষদৰ হাফলংস্থিত কনফাৰেঞ্চ হলত মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ উপস্থিতিত জিলাখনত ৰুপায়ন হৈ পিএমএৱাই-গ্ৰামীন; এমজিএনৰেগা; খাদ্য আৰু অসামৰিক যোগান  বিভাগৰ; পঞ্চায়ত-গ্ৰামোন্নয়ন; সাধাৰণ প্ৰশাসনীয় বিভাগ অধীনস্থ জিলাখনৰ ৰুপায়ন হৈ আঁচনি সমূহৰ পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়৷ জিলাখনত ৰূপায়ন হৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিসমুহৰ অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে ৷ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সৰ্বদিশত উন্নয়ন বাবে অসম চৰকাৰৰ পৰা সদায় সহায় সহযোগ কৰিব বুলি মতপোষণ কৰে৷ সভাত উপস্থিত থাকে ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লোচাসঁহ পৰিষদৰ কাৰ্য্যবাহী সদস্য চাম চিং ইংতি; দনপাইনং থাউচে; প্ৰবিত্ৰ জহৰি; এমএচি ৰোপালি থাউচেণ্ড; ড্ৰিচটি থাউচেণ্ড লগতে পৰিষদৰ উচ্চ পদস্থ বিষয়া।
You might also like