আৰক্ষীৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ সোলেঙীৰ চিদানন্দ শইকীয়াৰ
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ : গহপুৰ থানাৰ অন্তৰ্গত সোলেঙীৰ মৃগাংক শইকীয়া (৩২)ই যোৱা ৭ নবেম্বৰৰ সন্ধিয়া তেওঁৰ সাত বছৰীয়া পুত্ৰ আয়ুস্মানক শোৱনী কোঠাৰ ভিতৰত হত্যা কৰাৰ পিছত ৮ নবেম্বৰৰ পুৱা পিতৃ মৃগাংকৰ মৃতদেহ চিপলোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাক্ৰমৰ ১৩ দিনৰ দিনা মৃগাংকৰ পিতৃ চিদানন্দ শইকীয়াই সংবাদ মাধ্যম যোগে আৰক্ষী আৰু চিকিৎসকৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উথাপন কৰাৰ পিছত আজি পুনৰ তেওঁ বিস্ফোৰণ ঘটাইছে গহপুৰ আৰক্ষী থানাৰ তদন্তকাৰী বিষয়াজনৰ বিৰুদ্ধে। এইক্ষেত্ৰত চিদানন্দ শইকীয়াই কয় যে যোৱা ৭ নবেম্বৰৰ দুপৰ নিশালৈকে তেওঁৰ ঘৰত অৱস্থান লোৱা গহপুৰ আৰক্ষীয়ে ইয়াৰ পিছত কোনো যোগাযোগ নকৰিলে তেওঁৰ লগত। মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ পঠিয়াইয়েই দায়িত্ব সামৰা গহপুৰ আৰক্ষী কালি ১৩ দিনৰ দিনাহে উপস্থিত হয় তেওঁৰ ঘৰত।
পঢ়িব পাৰে নাইজেৰিয়ালৈ আমন্ত্ৰিত অসমীয়া ছবি
অৰ্থাৎ তেওঁ সংবাদ মাধ্যম যোগে আৰক্ষী আৰু চিকিৎসকৰ বিৰূদ্ধে উথাপন কৰা অভিযোগ সমূহ সামাজিক মাধ্যম যোগে বিয়পি পৰাৰ পিছতহে যেন গা লৰিল আৰক্ষীৰ।যাৰবাবে বিশ্বনাথ জিলাৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত কালি তেওঁৰ সোলেঙীৰ বাসগৃহত উপস্থিত হ’বলৈ বাধ্য হয় ঘটনাটোৰ তদন্তকাৰী বিষয়া গৰাকী।আৰক্ষীৰ দলটোৱে কালি প্ৰায় ছঘণ্টা সময় তেওঁৰ ঘৰত থাকি ঘৰখনৰ প্ৰতিগৰাকী ব্যক্তিৰ পৰা ষ্টেটমেণ্ট লিপিবদ্ধ কৰে।নিজৰ সন্তানটোক কিয় হত্যা কৰিবলগীয়া হ’ল,পিতৃয়ে আত্মহত্যা কৰাৰ কাৰণ, হত্যাকাণ্ডটো সংঘটিত কৰি স্কুটী লৈ পিতৃ মৃগাংক পলায়ন কৰা আদি বিভিন্ন দিশৰ ওপৰত সোধাপোছা কৰি আৰক্ষীৰ দলটোৱে ষ্টেটমেণ্ট লিপিবদ্ধ কৰাৰ বিষয়ে চিদানন্দ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দি কয় যে যিটো কাম গহপুৰ আৰক্ষীয়ে ঘটনাটোৰ এদিন বা দুদিন পিছতেই কৰিব লাগিছিল সেই ষ্টেটমেণ্ট লিপিবদ্ধৰ কাম কৰিবলৈ গহপুৰ আৰক্ষীক লাগিল ১৩ দিন সময়। তাকো সংবাদ মাধ্যম যোগে তেওঁ কেতবোৰ বিস্ফোৰণ ঘটোৱাৰ পিছতহে তেওঁৰ ঘৰত উপস্থিত হয় আৰক্ষীৰ দল।চিদানন্দ শইকীয়াৰ মতে-আৰক্ষীয়ে কৰা গাফিলতিৰ বিষয়ে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যম যোগে প্ৰকাশ নকৰাহ’লে তেওঁৰ ঘৰলৈ কেতিয়াও নাহিলহেঁতেন গহপুৰ আৰক্ষী।উল্লেখযোগ্য-যি কোনো এটা ঘটনাৰ পিছত খৰতকীয়া তদন্ত কৰা, ষ্টেটমেণ্ট লিপিবদ্ধ কৰা, সাক্ষী বাদীৰ ভাষ্য সংগ্ৰহ কৰাতো সংশ্লিষ্ট তদন্তকাৰী বিষয়াৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য।কিন্তু চিদানন্দ শইকীয়াৰ ঘৰত সংঘটিত হোৱা ঘটনাটোৰ পিছত কোনো ধৰণৰ তৎপৰতা অৱলম্বন কৰা নাছিল তদন্তকাৰী বিষয়াগৰাকীয়ে। আনহে নালাগে সন্ধানহীন হৈ থকা টিভিএছ কোম্পানীৰ এনটৰ্ক স্কুটী (এএছ ৩২ এ ৩০৪৫)খন উদ্ধাৰ কৰাৰ ক্ষেত্ৰতো কোনো ধৰণৰ তৎপৰতা নেদেখুৱালে গহপুৰ আৰক্ষীয়ে।এইবিষয়ে চিদানন্দ শইকীয়াৰ লগত কোনো ধৰণৰ যোগাযোগো ৰখা নাছিল তদন্তকাৰী বিষয়াগৰাকীয়ে। আচৰিত কথা এয়ে যে-কালি চিদানন্দ শইকীয়াৰ অভিযোগ সমূহ সামাজিক মাধ্যম যোগে ভাইৰেল হৈ পৰাৰ পিছতে সন্ধিয়া স্কুটীখনৰ সম্ভেদ লাভ কৰে চিদানন্দ শইকীয়াই।কালি সন্ধিয়া যি সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু তদন্তকাৰী বিষয়াগৰাকী তেওঁৰ ঘৰত বহি আছিল সেই সময়ত চিদানন্দ শইকীয়ালৈ তেওঁৰ এগৰাকী ভাগিন জোঁৱাইয়েকে ফোন যোগে জনাই যে গহপুৰ ৰেলৱে ষ্টেছনৰ কাষত পৰিত্যক্ত অৱস্থাত আছে এখন স্কুটী।পিছত পঞ্জীয়ন নম্বৰ পৰীক্ষা কৰি স্কুটীখন তেওঁলোকৰ খনেই বুলি নিশ্চিত হয় চিদানন্দ শইকীয়া।পৰবৰ্তী সময়ত গহপুৰ আৰক্ষীয়ে স্কুটীখন সেই স্থানৰ পৰা থানালৈ লৈ যায়। যোৱা ১২/১৩ দিনে গহপুৰ আৰক্ষীয়ে স্কুটীখনৰ সম্ভেদ উলিয়াব নোৱাৰাৰ বিপৰীতে চিদানন্দ শইকীয়াই সংবাদ মাধ্যম যোগে বিস্ফোৰণ ঘটোৱাৰ পিছতেই স্কুটীখনৰ সম্ভেদ ওলাই পৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।ইপিনে-চিদানন্দ শইকীয়াই উথাপন কৰা অভিযোগ সমূহৰ ওপৰত বিশ্বনাথ জিলা আয়ুক্তই ঘোষণা কৰা দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তই কাক কাক সাঙুৰিব তাৰেই ওপৰত এতিয়া দৃষ্টি নিবদ্ধ ৰাখিছে স্থানীয় ৰাইজৰ লগতে চিদানন্দ শইকীয়াৰ পৰিয়ালটোৱে।চিদানন্দ শইকীয়াই উথাপন কৰা অভিযোগ সমূহৰ ওপৰত কালি বিশ্বনাথ জিলা আয়ুক্তই ঘোষণা কৰা দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ সম্পৰ্কে বিহালীৰ সচেতন যুৱক তথা যুৱ সাংবাদিক দিগন্ত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে জিলা আয়ুক্তই পৰিৱেশ বা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ উপায় হিচাপে যদি এই তদন্ত ঘোষণা কৰিছে তেনেহ’লে এনেধৰণৰ তদন্তৰ দ্বাৰা ৰাইজ কেতিয়াও উপকৃত নহয়।সেয়েহে তেওঁ এই তদন্তৰ দ্বাৰা দোষীয়ে উচিত শাস্তি পোৱাৰ পোষকতা কৰি সাধাৰণ জনতাৰ প্ৰতিবাদৰ ভাষাই জিলা আয়ুক্তই ঘোষণা কৰা এই দুই তৰপীয়া দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ দ্বাৰা যাতে মান্যতা পায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী উথাপন কৰিছে।ইপিনে বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ঘোচখোৰ চিকিৎসক দীপক বিশ্বাসীৰ বিৰুদ্ধে চিদানন্দ শইকীয়াই দুটা মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ বিনিময়ত মুঠ ৬ হাজাৰ টকা “মাননী” লোৱা বুলি উথাপন কৰা অভিযোগৰ পিছত চিকিৎসগৰাকীৰ বিৰূদ্ধে বিভিন্ন জন ভুক্তভোগীয়ে ধন লোৱাৰ অভিযোগ উথাপন কৰিবলৈ লৈছে।এইক্ষেত্ৰত বিহালী অঞ্চলৰ কৃষ্ণ পাইক নামৰ এগৰাকী শ্ৰমিক নেতাই উথাপন কৰা অভিযোগত প্ৰকাশ পাইছে যে কেইবছৰমানৰ আগতে এক দুৰ্ঘটনাত মৃত্যু হোৱা তেওঁৰ এগৰাকী ভাতৃৰ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তিনি হাজাৰ টকা দাবী কৰিছিল চিকিৎসক ড: দীপক বিশ্বাসীয়ে।এয়া কেবল মাত্ৰ উদাহৰণহে।বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া প্ৰতিটো মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবদ আত্মীয়ৰ পৰা ধন লৈ আহিছে ডা: দীপক বিশ্বাসীয়ে।
প্ৰেৰক দিগন্ত শইকীয়া