নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ নৱেম্বৰ, আঘোণ মাহৰ ৫ তাৰিখ

মেঘঃ মনৰ স্থিৰ ৰখাৰ দৰকাৰ হব। অনাহক হলেও মনবিৰোধী কথাত খং উঠিব পাৰে। ভবামতে কামত অগ্ৰসৰ হব। শুভ বর্ণ মেৰুণ। মেৰুণ ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা-২ শুভ ৰং- মুগা

বৃষঃ চোৰৰ পৰা সাৱধানে থাকক। মুক্তভাৱে ধন নাৰাখিব। বিদ্যাত মধ্যম। মন চঞ্চল থাকিব। শুভ বর্ণ গাঢ় নীলা। এই ৰঙৰ ব্যৱহাৰে আপোনৰ সফলতা আনিব। শুভ সংখ্যা ৪, শুভ ৰং- নীলা

মিথুনঃ ভ্ৰমণাদি পৰাপক্ষত স্থগিত ৰাখক। শৰীৰৰ প্রতিও নজৰ ৰাখিব লাগিব। আত্মীয়ক লৈ উদ্বেগৰ কাৰক। শুভ বর্ণ চকলেট ৰং। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ সংখ্যা-৫

কৰ্কটঃ মজলীয়া দিন। অৱশ্যে তাৰ মাজতে দুই-এটা যোগাযোগত আনন্দিত হব। আজি আপোনাৰ শুভ বর্ণ হালধীয়া। হালধীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ১

সিংহঃ আনৰ কথাত উঠা বহা কৰাসকল সাৱধান থাকক। আজি আপুনি ৰাতিপুৱা বেলগছত পানী ঢালিব। শুভ বর্ণ সেউজীয়া। শুভ সংখ্যা ৩

কন্যাঃ বিষয় সম্পত্তিৰ লগত লাগি থকাসকল উপকৃত হব। কিছুমান পাৰিবেশিক বাধাৰ বাবে দৃঢ় পদক্ষেপ লোৱাটো টান হব। শুভ বর্ণ বগা। বগা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৬

তুলাঃ দূৰ যাত্ৰাদিত বাধা থাকিব। অনাহক কথা বুলি নজনাৰ বাবে মতান্তৰৰ মাজত সোমাই পৰিব। নতুন সংযোগ আছে। আপুনি আজি কমলা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ২

বৃশ্চিকঃ আনন্দিত সংবাদ বুলি জানিও নিশ্চিত নহব। শৰীৰ সম্পৰ্কে সচেতন ব্যক্তিৰ চিন্তা কম। আপুনি আজি ৰঙা ৰং ব্যৱহাৰ কৰিব। অশুভ সংখ্যা ৮

ধনুঃ অভাৱনীয় কথাত খৰচৰ পথ ওলাব। নকৰো বুলি বা নিদিওঁ বুলি ভবা কথাকো ৰাখিব নোৱাৰিব। আপোনাৰ শুভ বৰ্ণ পাতল সেউজীয়া। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৭

মকৰঃ কথা ব্যৱহাৰত সংযত থাকক। ঘৰুৱাত সিমান বেয়া নহয়। বিদ্যার্থীসকলে আজি ৰাতিপুৱা তুলসীৰ তলত পানী ঢালিব। দুখীয়াক দান কৰিব। শুভ বর্ণ গুলপীয়া। শুভ সংখ্যা ৯

কুম্ভঃ উন্নত পৰিৱেশ। ঘৰুৱা মনোমত পৰিৱেশ আশা কৰিব পাৰে। সন্তানৰ সান্নিধ্যত উৎসাহিত। আপুনি আজি কলা ৰঙৰ পৰা বিৰত থাকক। শুভ সংখ্যা ২

মীনঃ কিছুমান নতুন দায়িত্ব মূৰত পৰাৰ সম্ভাৱনা। আজি আপুনি যাত্রা কৰোঁতে মানিবেগত তিনিটা তুলসীৰ পাত লব। ক্রীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৬

You might also like